ছয়গাঁৱৰ পৰা ১৯ লাখ টকাৰ চুৰি সামগ্রীসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ভৰলুমুখ আৰক্ষীয়ে  ছয়গাঁৱত অভিযান চলাই ১৯ লাখ টকাৰ সামগ্রীসহ এএছ–০১ এলচি–৭৮৬২ নম্বৰৰ ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ফাইজুল হক নামৰ এজন লোককো গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হেমচন্দ্র বৰা নামৰ এজন লোকে যোৱা ১২ জানুৱাৰীত এএছ–০১–এলচি–৭৮৬২ নম্বৰৰ ট্রাকখন সামগ্রীসহ চুৰি হোৱা বুলি ভৰলুমুখ থানাত এখন এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৮/৩৮১ ধাৰাৰ অধীনত ৩৭/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷

উক্ত গোচৰৰ ভিত্তিত আজি ভৰলুমুখ আৰক্ষীয়ে খানাপাৰাৰ নমাইলত অভিযান চলাই খালি ট্রাকখন উদ্ধাৰ কৰে৷ অভিযানকাৰী দলটোৱে লাভ কৰা তথ্যৰ ভিত্তিত ছয়গাঁৱত অভিযান চলাই ট্রাকখনৰ পৰা চুৰি হোৱা ৪৯ কার্টন ব্লেড, ১৬ কার্টন ষ্টিল, ৮ কার্টন ষ্টেচনাৰী, ২৪ কার্টন শিখৰ, ১২৬ কার্টন চাবোন, ১০ কার্টন ধূপ, এক বাণ্ডিল বেডশ্বীট, ৭ কার্টন জর্ডা, ৪ বাণ্ডিল ৰাবাৰ, ৯ বাণ্ডিল প্লাষ্টিক জালি, ৭৭ বেগ আটা, ৯০টা পলিথিনৰ বেগ, ৫ বাণ্ডিল ষ্টিল পাইপ, ৪ বাণ্ডিল পিভিচি, ৮০০ কেজি এলুমিনিয়াম উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷