নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে ৰাস্তা–ঘাটৰ উন্নয়নৰ বাবে কোটি কোটি টকা আবণ্টন দিছে যদিও এচাম দুর্নীতিগ্রস্ত বিষয়া আৰু ঠিকাদাৰে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি আত্মসাৎ কৰি আহিছে৷ তাৰে এক উদাহৰণ হ’ল নাৰেংগী–চন্দ্রপুৰ পথ৷ ঠিকাদাৰী প্রতিষ্ঠানৰ নিম্নমানৰ কামৰ বাবে এবছৰ নৌহওঁতেই পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ জয়ন্তী কনষ্ট্রাকচন আৰু ছুইটি কনষ্ট্রাকচন নামৰ দুটা ঠিকাদাৰী প্রতিষ্ঠানে নির্মাণ কৰা উক্ত পথটোৰ মাজত সৃষ্টি হোৱা গাঁতত পৰি কেইবাটাও সৰু–বৰ দুর্ঘটনা সংঘটিত হৈছে৷ স্থানীয় সচেতন ৰাইজে এতিয়া দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ ৰাস্তাত খুঁটা পুতি নিচান লগাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নাৰেংগীৰ পৰা বোন্দা পর্যন্ত দুই কিলোমিটাৰ চাৰিলেনযুক্ত পথৰ বহু স্থানত কার্পেটিং এৰি খলা–বমা হৈ পৰাত যাতায়াতৰ অনুপযোগী হৈ পৰিছে পথটোৰ বহু অংশ৷ স্থানীয় ৰাইজে পথটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ঠিকাদাৰী প্রতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে।