পানীৰ নামত মহানগৰীত বৰবিহৰ বেহা

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ গুৱাহাটী পৌৰ নিগম আৰু খাদ্য সুৰক্ষা বিভাগৰ একাশ দুর্নীতিগ্রস্ত বিষয়াৰ ছত্রছায়াত মহানগৰীত খোৱাপানীৰ নামত চলিছে বৰবিহৰ বেহা৷ কেন্দ্রীয় ভূজল কর্তৃপক্ষৰ অনুজ্ঞাপত্র অবিহনে খাদ্য সুৰক্ষা বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে মোটা অংকৰ ধনৰ বিনিময়ত অসাধু ব্যৱসায়ী সকলক বিশুদ্ধ খোৱাপানীৰ নামত মহানগৰীত বৰবিহৰ বেহা চলাবলৈ বৰপীড়া পাৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশ প্রতিষ্ঠানে জিএমচি আৰু খাদ্য সুৰক্ষা বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ লগতে স্থানীয় আৰক্ষী বিষয়াক মেনেজ কৰি খোৱা পানী পেকেজিঙৰ নামত বৰবিহৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পাছতো প্রশাসনে এই সন্দর্ভত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

বিশেষকৈ মহানগৰীৰ আদিগিৰিৰ দুর্গা সৰোবৰ, লখৰা, ধীৰেনপাৰা, নুনমাটি, বেলতলা, হাতীগাঁও, শাওকুছি, লালুংগাঁও, ছয়ণন্দ্বআইল, বেতকুছি আৰু পাথৰ কুৱেৰীত অর্ধ শতাধিক অবৈধ পানী পেকেজিং প্রতিষ্ঠান দীর্ঘদিন ধৰি চলি থকাৰ পাছতো বিভাগীয় কর্তৃপক্ষই এই সকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই এনে একাংশ অবৈধ পানী পেকেজিং প্রতিষ্ঠানৰ গৰাকীলৈ জাননী প্রেৰণ কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷

উল্লেখ্য যে শিলড্রপ, জলজীৱন, একুৱা লাইফ, পুষ্পাঞ্জলি ধাবা, স্পিৰিং পিউৰ, সুজলধাৰা, হেভেনচ ডিই’ পিটৰ একুৱা, পৰি ৱাটাৰ, ব্রাইড বাটাৰ, হাইড্র’ আদিকে ধৰি অর্ধ শতাধিক ৱাটাৰ পেকেজিং প্রতিষ্ঠান চলি আছে যদিও ইয়াৰে অধিকাংশৰ বৈধ অনুজ্ঞাপত্র নাই৷ এনে প্রতিষ্ঠান সমূহে যধে মধে বৰিং কৰি অস্বাস্থ্যকৰ পৰিৱেশত পানী পেকেজিং কৰি মহানগৰীৰ বজাৰত মেলি দিয়াৰ সমান্তৰালকৈ জনস্বাস্থ্যলৈ ভাবুকি নমাই আনিছে৷ অৱশ্যে ইয়াৰে একাংশ প্রতিষ্ঠানক জিএমচি আৰু খাদ্য সুৰক্ষা বিভাগে ব্যৱসায়িক অনুজ্ঞাপত্র প্রদান কৰা বুলি জানিব পৰা গৈছে৷ কিন্তু কেন্দ্রীয় ভূজল কর্তৃপক্ষৰ অনুমতি অবিহনে কিদৰে মহানগৰীত এইসকলক জিএমচি তথা খাদ্য সুৰক্ষা বিভাগে পানী পেকেজিঙৰ অনুমতি প্রদান কৰিলে সেয়া এক সাঁথৰ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত একাংশ প্রতিষ্ঠান বন্ধৰ বাবে চলিত বর্ষৰ জুলাই মাহত খাদ্য সুৰক্ষা বিভাগে চৰজমিন তদন্ত কৰি কেবাখনো প্রতিষ্ঠানৰ গৰাকীলৈ জাননি প্রেৰণ কৰে যদিও সেয়া কাগজে–কলমে সীমাৱদ্ধ হৈ আছে৷ খাদ্য সুৰক্ষা বিভাগৰ জাননীৰ পাছতো মহানগৰীত অসাধু ব্যৱসায়ী সকলে খোৱা পানীৰ নামত বৰবিহৰ বেহা চলাই থকা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷