গুৱাহাটীত অনলাইন সুৰা বিতৰণৰ নির্দেশনা জাৰি

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ  ৰাজ্য চৰকাৰৰ কেবিনেটে গুৱাহাটী মহানগৰীত পৰীক্ষামূলকভাৱে এমাহৰ বাবে অনলাইনত সুৰা বিক্রীৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আবকাৰী কৰ বৃদ্ধি কৰাৰ লক্ষ্য আৰু ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সময়ছোৱাত সুৰা বিপণীত গ্রাহকৰ ভিৰ হ্রাস কৰাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত অনলাইনযোগে সুৰা বিতৰণৰ নির্দেশনা জাৰি কৰে৷ নির্দেশনাটোত সুৰা বিপণীৰ স্বত্বাধিকাৰীসকলক অনলাইন সুৰা বিতৰণৰ বাবে পঞ্জীয়ন কৰিবলৈ কয়৷ পুৱা ১১ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত অনলাইন সুৰা বিতৰণ কৰিব পাৰিব৷ অর্ডৰ লাভ কৰাৰ ২ ঘণ্টাৰ ভিতৰত ডেলিভাৰী দিব লাগিব৷ অর্ডাৰৰ লগে লগে মূল্যও গ্রাহকে পৰিশোধ কৰিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ হোষ্টেল, চৰকাৰী–বেচৰকাৰী, ৰাজহুৱা প্রতিষ্ঠানত সুৰাৰ ডেলিভাৰী কৰিব নোৱাৰিব৷

সুৰা ডেলিভাৰী এজেণ্টে এবাৰত ৯ লিটাৰ কঢ়িয়াব পাৰিব৷ ১ কিলোমিটাৰৰ ভিতৰত ৫০ টকা আৰু ২ কিলোমিটাৰ ভিতৰত ৭৫ ডেলিভাৰী চার্জ ল’ব পাৰিব বুলি নির্দেশনাটোত উল্লেখ আছে৷ শীঘ্রে আবকাৰী বিভাগে সুৰা ডেলিভাৰীৰ বাবে এটা এপ মুকলি কৰিব৷