নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত সাহিত্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ অসম জাতীয় বিদ্যালয়ৰ ৰসৰাজ সাহিত্য চ’ৰাৰ উদ্যোগত সোমবাৰে বিভিন্ন কার্যসূচীৰে ‘সাহিত্য দিৱস’ পালন কৰা হয়৷ বিদ্যালয়ৰ শৈক্ষিক বিষয়া নৰেন্দ্র মোহন গোস্বামীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতেই বিদ্যালয়ৰ উপাধ্যক্ষা অপৰাজিতা বৰাই আদৰণী ভাষণ আগবঢ়ায়৷

সাহিত্য দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে সমাজ বিজ্ঞান বিভাগৰ শিক্ষয়িত্রী ৰুণিমা শর্মাই৷ সাহিত্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা বিশিষ্ট গল্পকাৰ ড০ মৌচুমী কন্দলী৷

ভাষণ প্রসংগত ড০ কন্দলীয়ে ছাত্র–ছাত্রীসকলক জীৱনৰ প্রত্যাহ্বানবোৰ গ্রহণ কৰি আত্ম উপলব্ধিৰে আগুৱাই যোৱাৰ লগতে পাঠ্যপুথিৰ বাহিৰৰ পৃথিৱীখনক নিৰন্তৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ জীৱনত বিখ্যাত হোৱাটো নহয়, বৰঞ্চ মহৎ হোৱাটোহে মূল কথা বুলি উল্লেখ কৰি ড০ কন্দলীয়ে আমাৰ চহকী ঐতিহ্য তথা সভ্যতাক লৈ গৌৰৱান্বিত হ’বলৈ ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷

এই অনুষ্ঠানতে সাহিত্য দিৱস উপলক্ষে প্রকাশিত প্রাচীৰ পত্রিকা উন্মোচন কৰে বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে৷ আজিৰ অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষার্থী ৰিম্পী কলিতা আৰু তন্ময় কাশ্যপে৷ সমগ্র অনুষ্ঠানটিৰ আহ্বায়ক হিচাপে পৰিচালনাৰ দায়িত্বত আছিল বিদ্যালয়ৰ হিন্দী বিভাগৰ শিক্ষক উৎপল ডেকা৷

উল্লেখযোগ্য যে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই যোৱা বৰেণ্য ব্যক্তিসকলৰ লগতে তেওঁলোকৰ সাহিত্যৰাজিৰ বিষয়ে চর্চা কৰাৰ উদ্দেশ্যে প্রতিবছৰে ১২ এপ্রিলত বিদ্যালয়ত সাহিত্য দিৱস পালন কৰা হয়৷