বামুণীমৈদামত ফ্লেক্সৰ প্রতিমাত পূজা–অর্চনা

নিয়মীয়া বার্তা, ২৪ অক্টোবৰঃ চৰকাৰৰ স্বাস্থ্যবিধি তথা ক’ভিড প্রট’কল মানি সীমিত ভক্তৰে ৫৪সংখ্যক বর্ষ গৰকা বামুণীমৈদাম সার্বজনীন শ্রীশ্রী দুর্গা পূজা সমিতিয়ে এইবেলি অনুষুটপীয়াকৈ আয়োজন কৰিছে দুর্গা পূজা৷ প্রশাসনে নির্ধাৰণ কৰি দিয়া ক’ভিত নীতি অনুসৰি পালন কৰা হৈছে পূজাভাগ৷ প্রতিজন ভক্তৰ হাত ছেনিটাইজ কৰি থার্মেল চেক কৰি প্রৱেশ কৰিব দিয়া হৈছে পূজা মণ্ডপত৷ অইন বাৰৰ দৰে এইবাৰ ভক্তৰ বাবে নাই কোনো ভোগৰ ব্যৱস্থা৷ খিচিৰী, বুটমাহ আদিৰ পৰিৱর্তে ভক্তসকলক দিয়া হৈছে শুকান প্রসাদ৷ প্রতিমাৰ বিপৰীতে এইবাৰ ঘট স্থাপন কৰি এখন ফ্লেক্সত দেৱীৰ প্রতিমা অংকন কৰি সম্পূর্ণ বৈদিক নীতি–নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে পূজাভাগ৷ উল্লেখ্য যে পূজা সমিতিয়ে এইবেলি ৰাইজৰ সুবিধা অর্থে উচ্চ ক্ষমতা সম্পন্ন মাইকৰ ব্যৱস্থা কৰিছে৷ এই মাইকৰ জৰিয়তে পূজাৰীয়ে মাইকত মন্ত্র উচ্চাৰণ কৰাৰ লগে লগে ভক্তপ্রাণ ৰাইজে নিজৰ গৃহৰ পৰাই ৰাজহুৱা পুষ্পাঞ্জলি প্রদান কৰি দেৱী দুর্গাৰ শ্রীচৰণত প্রার্থনা জনায়৷ পূজা সমিতিয়ে জনোৱা মতে, পূজাৰ বাকী দিনৰ কার্যসূচীবোৰো এনেদৰে চৰকাৰী নীতি– নির্দেশনা অনুসৰি পালন কৰা হ’ব৷ তেনেদৰে গীতানগৰ, নাৰেংগী, পাথৰকোৱেৰী, সাতগাঁও, নুনমাটি, শালবাৰী, বোন্দা, বীৰকুচি, জু–নাৰেংগী পথ পূজা, জোনালী, চানমাৰি আদি অঞ্চলত এইবেলি সীমিত ভক্তৰ উপস্থিতিৰেই দুর্গা পূজাৰ কার্যসূচী পালন কৰা হয়৷