বোন্দাৰ এছবিআই সেৱা কেন্দ্রত জালিয়াতিৰে গ্রাহকৰ ধন লুট

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ ভাৰতীয় ষ্টেট বেংকৰ বোন্দাস্থিত এটা গ্রাহক সেৱা কেন্দ্রত ভয়ানক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি গ্রাহক সেৱকজনে জালিয়াতি কৰি গ্রাহকৰ ধন উঠোৱাৰ উপৰি বিভিন্ন যুক্তি দি ধন কর্তন কৰাৰো অভিযোগ উঠিছে সেৱকজনৰ বিৰুদ্ধে৷ প্রাপ্ত তথ্য অনুসৰি, ষ্টেট বেংকৰ নাৰেংগী শাখাৰ অধীনত বোন্দাত স্থাপন কৰা হৈছে এটা চি এছ পি তথা গ্রাহক সেৱা কেন্দ্র৷ এই কেন্দ্রত পানীখাইতীৰ পিংকী নাগ নামৰ মহিলাগৰাকীয়ে এখন ‘জিৰ’ বেলেঞ্চ’ৰ হিচাপ বহী খোলে৷ এই বহীখনতে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাৰ পাঁচশ টকাকৈ তিনিবাৰত মুঠ ১৫শ টকা জমা হয়৷ কিন্তু আশ্চর্যকৰ কথা যে গ্রাহকগৰাকীৰ একাউণ্টৰ পৰা অন্তর্ধান হয় সেই ১৫শ টকা৷

উল্লেখ্য যে চলিত বর্ষৰ ৬ এপ্রিল, ৭ মে’ আৰু ৮ জুনত তিনিবাৰত ৫শ টকাকৈ গৰিব কল্যাণ যোজনাৰ ধন জমা হয় মহিলাগৰাকীৰ হিচাপ বহীত৷ শেহতীয়াকৈ মহিলাগৰাকীয়ে ধন উলিয়াবলৈ যোৱাৰ সময়ত একাউণ্টত ধন নথকা বুলি জনায় গ্রাহক সেৱকজনে৷ তেতিয়া মহিলাগৰাকীয়ে চৰকাৰে দিয়া ১৫শ টকা কি হ’ল বুলি প্রশ্ণ কৰাত গ্রাহক সেৱকজনে ধনখিনি উঠাই ননা বাবে চৰকাৰে ঘূৰাই নিয়া বুলি কৈ ঘূৰাই পঠিয়ায় মহিলাগৰাকীক৷ এই কথাত সন্দেহ উপজি মহিলাগৰাকীয়ে বেংকৰ নাৰেংগী শাখাৰ পৰা ষ্টেটমেণ্ট উলিয়ায়৷ সেই ষ্টেটমেণ্ট মতে উক্ত সেৱা কেন্দ্রটোৰ পৰাই জুন মাহৰ ৭, ২০ আৰু ২৮ তাৰিখে পাঁচশকৈ তিনিবাৰত পোন্ধৰশ টকা উঠাই নিয়া বুলি তথ্য পোহৰলৈ আহে৷

এইক্ষেত্রত মন কৰিবলগীয়া কথাটো হ’ল– সেৱা কেন্দ্রত ধন জমা অথবা সংগ্রহ কৰিবলৈ গ্রাহকৰ হাতৰ আঙুলিৰ ছাপৰ জৰিয়তে লেনদেন হয়৷ মহিলা গ্রাহকগৰাকীৰ অভিযোগ– যিহেতু হিচাপ বহী বনোৱা দিনৰ পৰা তেওঁ কোনো লেনদেন কৰা নাই, তেনেহ’লে চৰকাৰে দিয়া ধনৰাশি কেনেকৈ অন্তর্ধান হ’ল৷ এইক্ষেত্রত গ্রাহক সেৱকজনে হাতৰ আঙুলিৰ ছাপ জালিয়াতি কৰি সেই ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে৷ এই অভিযোগ উত্থাপন কৰি আনকি বেংকৰ নাৰেংগী শাখাৰ শাখা প্রবন্ধকক এখন অভিযোগ–পত্র প্রদান কৰা বুলি জানিব পৰা গৈছে ভুক্তভোগী মহিলাগৰাকীৰ পৰা৷ আনহাতে, একেগৰাকী গ্রাহক সেৱকে অলপতে অনিতা বর্মন নামৰ গ্রাহকগৰাকীৰ পৰাও তিনিশ টকা কর্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, মহিলাগৰাকীয়ে ধনৰাশি উঠাই নিয়াত পলম হোৱা বাবে হেনো চৰকাৰে তিনিশ টকা টেক্স কাটিছে৷ ইয়াৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগী মহিলাকেইগৰাকীয়ে৷