এই মহানগৰতেঃ ঘৰলৈ আহি মহিলাৰ ডিঙিৰ পৰা চোৰে নিলে চেইন

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ চিলনী চোৰৰ কথা সকৰোৰে জ্ঞাত। চলন্ত বাইকেৰে আহি মহিলাৰ ডিঙিৰ পৰা চেইন, বেগ কাঢ়ি নিয়া এই চিলনী চোৰে সলনি কৰিছে চোৰ কৰাৰ কৌশল।

আজি মহানগৰীৰ ফটাশিল আমবাৰীত ঘৰত সোমাই এগৰাকী মহিলাৰ গলৰ পৰা চেইন কাঢ়ি নিয়ে চোৰে।

জানিব পৰা মতে, অঞ্চলটোৰ নাৰায়ণ শৰ্মা নামৰ এগৰাকী লোকৰ  ঘৰত ভাৰাতীয়া ৰূপে থকা মীৰা দেৱী আগৰৱালা নামৰ মহিলাগৰাকীৰ সৈতে কোনো কথা পতাৰ সময়তে চল চাই চেইন কাঢ়ি উধাও হয় চোৰ। এই চুৰি কাৰ্য বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।