চন্দ্রপুৰ ইউকো বেংক–পঞ্চায়তত অভাৱনীয় ভিৰ

ক’ভিডৰ গণ সংক্রমণ হোৱাৰ সম্ভাৱনাত শংকিত ৰাইজ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  বিশ্বৰ অন্য দেশত ক’ৰোনা মহামাৰীয়ে সন্ত্রাস চলাই এতিয়া কিছু শাম কটাত ভাৰতবর্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো ক’ৰোনা মহামাৰীয়ে সম্প্রতি সংহাৰ সৃষ্টি কৰিছে৷ এই সময়ছোৱাত চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড প্রট’কল মানি চলিবলৈ জনসাধাৰণক পৰামর্শ প্রদান কৰি আহিছে৷ কিন্তু চৰকাৰৰ এই নির্দেশনাক একাংশ অবিবেচকী লোকে ভংগ কৰাত মহামাৰী ক’ৰোনাই গণ সংক্রমণ হোৱাৰ দিশে আগবাঢ়িছে৷ অন্য প্রান্তৰ দৰে মহানগৰীৰ চন্দ্রপুৰতো আজি দেখা গ’ল ক’ভিড প্রট’কল ভংগ কৰি ওলাই অহা একাংশ লোকক৷ চন্দ্রপুৰস্থিত ইউকো বেংকৰ সন্মুখত গ্রাহকে কোনোধৰণৰ সামাজিক দূৰত্ব নামানি জুম হৈ থকা পৰিলক্ষিত হ’ল৷ গ্রাহকসকলে কোনোধৰণৰ শাৰী নাপাতি প্রৱেশ পথত একলগ হৈ থকা প্রত্যক্ষ কৰি সচেতন লোকে চিন্তা ব্যক্ত কৰিছে৷ ক’ভিড প্রট’কলৰ বাবে বেংকবোৰত কর্মচাৰীৰ সংখ্যা কম হোৱাৰ লগতে এজন এজনকৈ বেংকত প্রৱেশ কৰিব দিয়াত বেংকৰ সন্মুখত অভাৱনীয় ভিৰ কৰে গ্রাহকে৷ উল্লেখ্য যে জানিব পৰামতে বেংকটোত কর্মৰত দুগৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ তদুপৰি বেংকটোত অহা গ্রাহকসকলে কোনোধৰণৰ পৰীক্ষা নকৰোৱাকৈয়ে বেংকলৈ আহিছে৷ গতিকে যদি এইসকলৰ মাজত কোনোবা এজন ক’ভিড পজিটিভ ব্যক্তি থাকে তেতিয়াহ’লে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত ক’ভিডৰ গণ সংক্রমণ হোৱাটো নিশ্চিত কিয়নো বেংকটোলৈ অহা গ্রাহকসকল চন্দ্রপুৰৰ বিভিন্ন গাঁৱৰ পৰা অহা লোক৷ ইপিনে, চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত চাৰিখন পঞ্চায়তত বর্তমান প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীয়ে পোৱা ঘৰৰ বাবে আধাৰ কার্ডৰ কাম চলি আছে৷ কিন্তু এই আধাৰ কার্ড বনাবলৈ অহাৰ ক্ষেত্রতো দেখিবলৈ পোৱা গৈছে হিতাধিকাৰীৰ অভাৱনীয় ভিৰ৷ এই হিতাধিকাৰীসকলে ক’ভিড প্রট’কল নামনি এনেদৰে কার্যালয়ৰ সন্মুখত ভিৰ কৰাত ক’ৰোনা আৰু অধিক হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷