আৰক্ষীৰ জৰিমনা সংগ্রহঃ ক’ভিড–১৯ৰ নীতি–নির্দেশনা উলংঘা

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  গুৱাহাটী মহানগৰীত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ভয়াৱহভাৱে বৃদ্ধি হোৱাৰ পিছতো এচাম লোকৰ গা লৰা নাই৷ সাপ্তাহিক লকডাউনৰ লগতে প্রায় সকলো অনুষ্ঠান–প্রতিষ্ঠান মুকলি কৰি দিয়াৰ পিছতে পূর্বৰ স্বাভাৱিক পৰিৱেশৰ লেখিয়াকৈ সর্বত্র কেৱল উলংঘা হৈছে সামাজিক দূৰত্বৰ নিয়ম৷ একেদৰে মাস্ক পৰিধানৰ প্রশাসনৰ কঠোৰ নিয়মো উলংঘা কৰিছে প্রায় সকলো স্থানত৷ এনে নিয়ম উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চন্দ্রপুৰৰ দুটাকৈ মাছঘাটৰ বিৰুদ্ধে৷ হাজোংবড়ী আৰু গোবর্ধন মাছঘাটৰ বিগত কেইবাদিন ধৰি ক্রেতা–বিক্রেতাই এই নিয়ম উলংঘা কৰি ব্যৱসায় চলাই থকাত ক’ৰোনা সংক্রমণৰ ভয়াৱহ আশংকাত ভুগিছিল স্থানীয় ৰাইজ৷ এই আশংকাৰ পৰিপ্রেক্ষিতত ৰাইজৰ অভিযোগৰ ভিত্তিত আজি চন্দ্রপুৰ আৰক্ষীয়ে হাজোংবড়ী আৰু গোবর্ধন মাছঘাটত আকস্মিক অভিযান চলায়৷ অভিযান কালত বহুলোক মাস্ক পৰিধান নকৰাত ক’ভিড প্রট’কল অনুসৰি জৰিমনা বিহে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে, দুয়োটা মাছঘাটৰ মাস্ক পৰিধান নকৰা ব্যক্তিসকলৰ পৰা বহু হাজাৰ টকা জৰিমনা সংগ্রহ কৰে৷ লগতে সামাজিক দূৰত্বৰ নিয়ম মানি চলিবলৈ কঠোৰ সকীয়নি প্রদান কৰে৷ অন্যথা মাছঘাট বন্ধ কৰাৰ বাবেও সকীয়াই দিয়ে আৰক্ষীয়ে৷ উল্লেখ্য যে ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান৷