ড্রাগছঃ ডি জে ব্রাহ্মিণ খ্যাত দেৱাশিস বৰুৱাক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ মহানগৰ আৰক্ষী অপৰাধ শাখাই লাভ কৰা তথ্যৰ ভিত্তিত কালি সোণাপুৰৰ টোলগেটত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ ডি জে ব্রাহ্মিণক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

অপৰাধ শাখাই লাভ কৰা তথ্যৰ ভিত্তিত সোণাপুৰ আৰক্ষীৰ সহযোগত লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ–০১ এল চি–৫৭৭৮ বাছখনত অভিযান চলাই ড্রাগ্ছসহ ডি জে ব্রাহ্মিণ ওৰফে দেৱাশিস বৰুৱাক গ্রেপ্তাৰ কৰে৷ ধৃত ব্রাহ্মিণৰ পৰা অভিযানকাৰী দলটোৱে ৪৪৫ গ্রাম ছৰছ, ৪৩ গ্রাম কোকেইন আৰু নিচাজাতীয় টেবলেট জব্দ কৰে৷ এই ড্রাগ্ছখিনি ক’লা ৰঙৰ এটা মিউজিক স্পীকাৰত কঢ়িয়াই আনিছিল৷