বেলৰতল ডাম্পিং গ্রাউণ্ডত দৈনিক ১৫০ টন আৱর্জনাৰে প্রস্তুত হ’ব সাৰ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ গুৱাহাটী মহানগৰীৰ আৱর্জনা নিষ্কাশনৰ বাবে পৌৰ নিগমে ৩৫ কোটিটকীয়া এক অভিলাষী প্রকল্প গ্রহণ কৰিছে৷ ইতিমধ্যে বেলৰতল ডাম্পিং গ্রাউণ্ডত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই আৱর্জনা নিষ্কাশন প্রকল্প স্থাপনৰ কাম আৰম্ভ কৰিছে৷ ৩৫ কোটিটকীয়া এই আৱর্জনা নিষ্কাশন প্রকল্প স্থাপনৰ বাবে দিল্লীৰ জিৰণ ইঞ্জিনীয়াৰিং প্রাইভেট লিমিটেড নামৰ কোম্পানীটোক দায়িত্ব অর্পণ কৰিছে৷ গুৱাহাটী মহানগৰীত প্রতিদিনে ৫০০ টন আৱর্জনা ওলায়৷ প্রতিদিনে ওলোৱা এই ৫০০ টন আৱর্জনাৰ ভিতৰত দৈনিক ১৫০ টন আৱর্জনা এই প্রকল্পটোত বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰা হ’ব৷ ১৫০ টন আৱর্জনাৰ ভিতৰত দৈনিক ৭০ টন আৱর্জনাৰ পৰা সাৰ উৎপাদন কৰাৰ লগতে ৮০ টন আৱর্জনাৰ পৰা প্লাষ্টিক নিষ্কাশন কৰি চিমেণ্ট কোম্পানীসমূহক যোগান ধৰা হ’ব৷

গুৱাহাটী পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, ইতিমধ্যে এই প্রকল্পৰ কাম–কাজ নিৰীক্ষণৰ বাবে চুৰাটৰ পৰা এজন বিশেষজ্ঞ আনি কনচালটেণ্ট হিচাপে নিয়োগ কৰিছে পৌৰ নিগমে৷ জেৰন ইঞ্জিনীয়াৰিং প্রাইভেট লিমিটেডৰ সৈতে হোৱা চুক্তি অনুসৰি চলিত বর্ষৰ শেষৰ ফালে এই প্রকল্পৰ কাম–কাজ আৰম্ভ হ’ব৷ এই প্রকল্পৰ পৰা দৈনিক উৎপাদিত সাৰ পৌৰ নিগমে বিক্রী কৰিব বুলিও সূত্রটোৱে প্রকাশ কৰিছে৷ সাৰ বিক্রী কৰি নিগমে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পাৰিব৷ বেলৰতল ডাম্পিং গ্রাউণ্ডত আৰম্ভ হ’বলগীয়া ৩৫ কোটিটকীয়া এই অভিলাষী প্রকল্পটো কিমান কার্যক্ষম হয় সেয়া সময়তহে লক্ষণীয় হ’ব৷

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই আৱর্জনাৰ পৰা শক্তি উৎপাদন, সাৰ উৎপাদনকে ধৰি বহুকেইটা অভিলাষী প্রকল্প ৰূপায়ণ কৰিছিল৷ কিন্তু এই প্রকল্পকেইটা আৰম্ভ হোৱাৰ কেইমাহমান পিছতে বন্ধ হৈ পৰে৷ বহুকেইটা প্রকল্প আজিও কার্যক্ষম হৈ উঠা নাই৷ গুৱাহাটী পৌৰ নিগমে আৱর্জনা নিষ্কাশনৰ নামত কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে প্রকল্পসমূহ আধাতে বন্ধ হৈ পৰাৰ বহু উদাহৰণ আছে৷