নিয়মীয়া বাৰ্তা ১৩ মেঃ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই বুধবাৰে পাঞ্জাবাৰীৰ ভি আই পি ৰোডৰ নামঘৰ পথত অভিযান চলাই এটা ভুৱা আলফাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ভুৱা আলফাটোৰ নাম কংকণজ্যোতি ভূঞা৷ অপৰাধ শাখাৰ ডি চি পি বৰুণ পুৰকায়স্থৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই কংকণজ্যোতিক গ্রেপ্তাৰ কৰে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত কংকণজ্যোতিয়ে যোৱা ১২ এপ্রিলত নিজকে আলফা নেতা বুলি পৰিচয় দি আঠগাঁৱৰ এজন ব্যৱসায়ীক ফোনযোগে ৫০ লাখ টকা দাবী কৰিছিল৷ এই ধন দাবীৰ ঘটনা সন্দর্ভত ব্যৱসায়ীজনে মহানগৰ আৰক্ষীক অৱগত কৰায়৷ মহানগৰ আৰক্ষী আয়ুক্তই ধন দাবীৰ ঘটনাৰ তদন্তৰ দায়িত্ব অপৰাধ শাখাক অর্পণ কৰে৷ অপৰাধ শাখাই ব্যৱসায়ীক ধন দাবী কৰাৰ অপৰাধত কংকণজ্যোতিক গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷