আজিৰ পৰা পথৰ এফালে খুলিব দোকান

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ২১ দিনীয়া লকডাউনৰ অন্ত পেলাই আজিৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব প্রথম পর্যায়ৰ আনলক৷ ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আনলক–১ত বলৱৎ হ’বলগীয়া কঠোৰ নীতি–নিয়ম সন্দর্ভত নির্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি আনলক–১.০ৰ সময়ছোৱাত দোকান–পোহাৰ খোলাৰ ক্ষেত্রত বান্ধি দিয়া হৈছে এলানি বিশেষ নিয়ম৷ আজি এই সন্দর্ভত কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে মহানগৰীৰ কোন কোন অঞ্চলত দোকানসমূহ কেনেদৰে খোলা হ’ব, সেই সন্দর্ভত আনলক ১.০ৰ কেতবোৰ স্পষ্ট নির্দেশনা স্থিৰ কৰা হয়৷

চেম্বার্ছ অৱ কমার্চৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্রশাসনে ধার্য কৰা নিয়ম অনুসৰি প্রথম পর্যায়ৰ আনলকৰ সময়ছোৱাত পথৰ এফালেহে খুলিব পাৰিব দোকান৷ এই অনুসৰি সোমবাৰে পল্টনবজাৰৰ পৰা খানাপাৰা অভিমুখী পথছোৱাত সোঁহাতে দোকান খুলিব পাৰিব৷ ঠিক তেনেদৰে জালুকবাৰীৰ পৰা নুনমাটি অভিমুখে অহা পথছোৱাত সোঁফালে আৰু তাৰ পিছদিনাখন বাঁওফালে খুলিব পাৰিব দোকান৷ একেদৰে জালুকবাৰীৰ পৰা ভি আই পি ৰোড হৈ আজাৰালৈ পথৰ সোঁফালে, ছয়মাইলৰ পৰা নাৰেংগীলৈ পথৰ সোঁফালে, ছয়মাইলৰ পৰা পাঞ্জাবাৰীলৈ পথৰ সোঁফালে দোকানসমূহ খুলিব পাৰিব৷ আনহাতে মহানগৰীৰ বিভিন্ন স্থানীয় অঞ্চল, উপপথসমূহত থকা দোকানসমূহ ব্যৱসায়ীসকলৰ মাজত আলোচনাৰ জৰিয়তে এদিন সোঁফালে–এদিন বাঁওফালে খোলাৰ কর্তৃত্ব প্রদান কৰা হৈছে৷ এই সময়ছোৱাত জিলা প্রশাসনৰ নির্দেশ অমান্য কৰিলে ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও আজি বৈঠকত স্পষ্ট কৰা হয়৷ উল্লেখ্য যে আজিৰ বৈঠকতে চেম্বার্ছ অৱ কমার্চৰ সভাপতি মহাবীৰ জৈনে পথৰ দুয়োকাষে দোকান আৰু গুদামসমূহ খোলাৰ বাবে পৰামর্শ প্রদান কৰিছিল যদিও এই পৰামর্শ বৈঠকত গ্রহণ কৰা নহ’ল৷

ইফালে, ব্যৱসায়িক প্রতিষ্ঠানসমূহে ক’ভিড পৰীক্ষাৰ প্রমাণ–পত্র লগত ৰখাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে শেহতীয়াকৈ এক নির্দেশনা জাৰি কৰিছে৷ সেই মর্মে ব্যৱসায়িক প্রতিষ্ঠানৰ স্বত্বাধিকাৰ–কর্মচা ক’ভিড–১৯ প্রমাণপত্র লগত ৰখাটো বাধ্যতামূলক নহয় যদিও জিলা প্রশাসনে ব্যৱসায়িক প্রতিষ্ঠান আদিত ক’ভিড ৰেণ্ডম টেষ্টৰ ব্যৱস্থা কৰিলে সহযোগ কৰিব লাগিব৷ এই পৰীক্ষাৰ ফলাফল লগে লগে প্রদান কৰা হ’ব৷ পৰৱর্তী পর্যায়ত গ্রাহকে দোকানৰ স্বত্বাধিকাৰৰ পৰা ক’ভিড–১৯ৰ প্রমাণপত্র বিচাৰিলে দেখুৱাবলৈ বাধ্য থাকিব৷