‘মহানগৰীৰৰ মালিগাঁৱত নতুনকৈ নিৰ্মাণ হ’ব উৰণীয়া সেতু’

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যত দুখনকৈ অত্যাধুনিক উৰণীয়া সেতু নিৰ্মাণ কাম শীঘ্ৰে আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। এখন তেজপুৰৰ মিছন চাৰিআলিত আৰু আনখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব মহানগৰীৰ মালিগাঁৱত। অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই কাম আৰম্ভ হ’ব এই উৰণীয়া সেতুৰ।

মালিগাঁও চাৰিআলিত ৪২০.৭৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব এই উৰণীয়া সেতু। এই সেতুৰ দ্বাৰা কামাখ্যা মন্দিৰলৈ যোৱাৰ পথত নিৰ্মাণ হৈ থকা পথক সংযোজিত কৰিব। এই উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম ১০-১৫ দিনৰ ভিতৰত আৰম্ভ হ’ব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

DR. HIMANTA BISWA SARMAFeatured