লকডাউন ঘোষণাৰ লগে লগে বজাৰত ব্যাপক ভিৰ

 নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী এতিয়া ক’ৰোনা ভাইৰাছৰ হটস্পটত পৰিণত হৈছে৷ শেহতীয়াকৈ অস্বাভাৱিক হাৰত ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ণ হৈ পৰিছে ৰাজ্য চৰকাৰ, জিলা প্রশাসন৷ যাৰ পৰিপ্রেক্ষিতত

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র গুৱাহাটীত পুনৰ ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰিবলগীয়া হ’ল৷ স্বাস্থ্যমন্ত্রীৰ ঘোষণাৰ পিাছতে মহানগৰীত অস্বাভাৱিক হাৰত বৃদ্ধি পায় খাদ্যসামগ্রীৰ দাম৷ একাংশ অসাধু ব্যৱসায়ীয়ে লকডাউনৰ সুযোগ লৈ অত্যাৱশ্যকীয় খাদ্যসামগ্রীৰ লগতে শাক–পাচলি, মাছ–মাংস আৰু কণীৰ দাম বৃদ্ধি কৰে৷ দেওবাৰৰ মাজনিশাৰ পৰা পুনৰ লকডাউন ঘোষণা কৰাত মহানগৰীৰ বজাৰত প্রয়োজনীয় অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰাৰ বাবেও গ্রাহকে ভিৰ কৰে৷

ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা উলংঘা কৰি আজি বজাৰে বজাৰে ভিৰ কৰে মহানগৰবাসীয়ে৷ অসাধু ব্যৱসায়ীয়ে ২০/২৫ টকীয়া আলু ৩৫/৪০ টকা, ৩০ টকীয়া পিঁয়াজ ৪০ টকাত, ১৪০ টকাৰ কণীৰ প্লেট ১৯০–২০০ টকাত বিক্রী কৰে৷ ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত ল’ব লগা সাৱধানতা অৱলম্বন নকৰি বজাৰে বজাৰে গ্রাহকে ভিৰ কৰে৷ মাস্ক পৰিধান নকৰি, সামাজিক দূৰত্ব বজাই নাৰাখি গ্রাহকে বজাৰত ভিৰ কৰাৰ পৰিপ্রেক্ষিতত কালি মহানগৰ জিলা প্রশাসনে সামাজিক সংক্রমণ ৰোধৰ বাবে বেলতলা সাপ্তাহিক বজাৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়।

Featured