নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তর্গত বেহাৰবাৰীৰ পৰা চিআইডিৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত প্রায় ৩০ লাখ টকাৰ নিষিদ্ধ কফছিৰাপ জব্দ কৰাৰ উপৰি চাৰিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইজন হৈছে ক্রমে জয়ন্ত কুমাৰ ৰাজবংশী (৪২), অনাথ বন্ধু ভট্টাচার্য (৩৪), দেৱজ্যোতি দাস (২৯) আৰু ৰাজু কৎস বণিক (৩২)৷ প্রাপ্ত খবৰ মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাই বেহাৰবাৰীত এখন মিনি ট্রাকত দুপৰীয়া প্রায় ১২.৪৫ বজাত ২০ কার্টন নিষিদ্ধ কফছিৰাপ সৰবৰাহৰ বাবে প্রস্তুতি চলাইছিল৷
গোপন সূত্রৰ পম খেদি বশিষ্ঠ আৰক্ষীৰ সহযোগত ট্রাকখন জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ চি আই ডিৰ দলটোৱে ট্রাকখনৰ পৰা মুঠ ৩২০০টা বটল এছকাফ কফছিৰাপ জব্দ কৰে৷
ইপিনে ধৃত চাৰি সৰবৰাহকাৰীক সোধা–পোছা কৰি চিআইডিৰ দলটোৱে পৰৱর্তী সময়ত বেহাৰবাৰীৰ কালী মন্দিৰ পথৰ এটা কোঠাৰ পৰা পুনৰ ৪০ কার্টন কফছিৰাপ জব্দ কৰে৷ কার্টনকেইটাত মুঠ ৬,৪০০ বটল কফছিৰাপ আছিল৷ চিআইডিৰ দলটোৱে মুঠ ৯,৬০০ বটল কফছিৰাপ জব্দ কৰি ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ কফছিৰাপখিনিৰ বজাৰ মূল্য প্রায় ৩০ লাখ টকা বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷