নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেহাৰবাৰীত ৩০ লাখ টকাৰ কফছিৰাপসহ ধৃত চাৰি

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ  মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তর্গত বেহাৰবাৰীৰ পৰা চিআইডিৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত প্রায় ৩০ লাখ টকাৰ নিষিদ্ধ কফছিৰাপ জব্দ কৰাৰ উপৰি চাৰিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইজন হৈছে ক্রমে জয়ন্ত কুমাৰ ৰাজবংশী (৪২), অনাথ বন্ধু ভট্টাচার্য (৩৪), দেৱজ্যোতি দাস (২৯) আৰু ৰাজু কৎস বণিক (৩২)৷ প্রাপ্ত খবৰ মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাই বেহাৰবাৰীত এখন মিনি ট্রাকত  দুপৰীয়া প্রায় ১২.৪৫ বজাত ২০ কার্টন নিষিদ্ধ কফছিৰাপ সৰবৰাহৰ বাবে প্রস্তুতি চলাইছিল৷

গোপন সূত্রৰ পম খেদি বশিষ্ঠ আৰক্ষীৰ সহযোগত ট্রাকখন জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ চি আই ডিৰ দলটোৱে ট্রাকখনৰ পৰা মুঠ ৩২০০টা বটল এছকাফ কফছিৰাপ জব্দ কৰে৷

ইপিনে ধৃত চাৰি সৰবৰাহকাৰীক সোধা–পোছা কৰি চিআইডিৰ দলটোৱে পৰৱর্তী সময়ত বেহাৰবাৰীৰ কালী মন্দিৰ পথৰ এটা কোঠাৰ পৰা পুনৰ ৪০ কার্টন কফছিৰাপ জব্দ কৰে৷ কার্টনকেইটাত মুঠ ৬,৪০০ বটল কফছিৰাপ আছিল৷ চিআইডিৰ দলটোৱে মুঠ ৯,৬০০ বটল কফছিৰাপ জব্দ কৰি ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ কফছিৰাপখিনিৰ বজাৰ মূল্য প্রায় ৩০ লাখ টকা বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like