লাখটকীয়াৰ ২নং গেটত ড্রাগ্ছ–সুৰা সেৱনকাৰীৰ মুকলি আড্ডা

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে মহানগৰীৰ লাখটকীয়াত ড্রাগ্ছ সেৱনকাৰীৰ উপদ্রৱ বৃদ্ধি পাইছে৷ লাখটকীয়াৰ দুই নং ৰে’ল গেটত একাংশ উদণ্ড যুৱকে দিনে–নিশাই ড্রাগ্ছ সেৱন কৰি পৰিৱেশ বিনষ্ট কৰিছে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত লাখটকীয়াৰ দুই নং ৰে’লগেট আৰু ৰে’লআলিৰ কাষত উদণ্ড যুৱকে ড্রাগ্ছ আৰু সুৰা সেৱন কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে৷ একেদৰে ৰে’ল আলিৰ সমীপত জুপুৰি সাজি বাস কৰা একাংশ লোকে মুকলিকৈ সুৰাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে৷

আৰক্ষীৰ সহযোগত ৰে’ল কর্তৃপক্ষই এইসমূহ জুপুৰি সময়ে সময়ে উচ্ছেদ কৰি আহিছে যদিও পুনৰ সক্রিয় হৈ উঠা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে৷ ইপিন, লাখটকীয়াৰ দুই নং গেটত একাংশ দৰিদ্র লোকৰ নাবালক ল’ৰাবোৰেও মুকলিভাৱে ডেনড্রাইট সেৱন কৰা বুলি ৰাইজে অভিযোগ কৰে৷ যি সময়ত কণ কণ ল’ৰাবোৰে বিদ্যালয়ত শিক্ষা গ্রহণ কৰিব লাগে সেই সময়তে ৰাজপথত ডেনড্রাইট সেৱন কৰি শিশুসকল মুকলিভাৱে ঘূৰি ফুৰাক লৈ স্থানীয় ৰাইজে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ সেয়েহে লাখটকীয়াৰ দুই নং ৰে’ল গেটত চলি থকা ড্রাগ্ছ–সুৰাৰ আড্ডাৰ বিৰুদ্ধে আৰক্ষী–প্রশাসনক ৰাইজে ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷