পাথৰকোৱেৰীৰ দোকানত ভয়াৱহ অগ্নিকাণ্ডত মূল্যৱান কাঠ ভস্মীভূতঃ বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ মহানগৰীৰ পাথৰকোৱেৰীৰ মেগজিনত কালি মাজনিশা ডেৰ বজাত এক ভয়ংকৰ অগ্ণিকাণ্ড সংঘটিত হয়৷ অগ্ণিকাণ্ডৰ ফলত এখন কাঠৰ দোকান সম্পূর্ণৰূপে ভস্মীভূত হয়৷ অগ্ণিকাণ্ডটোত প্রায় ৩০ লাখ টকাৰ কাঠ পুৰি ছাই হয়৷ উল্লেখ্য যে পাথৰকোৱেৰীৰ মেগজিনস্থিত ধীৰাজ মেধি নামৰ লোকজনৰ মেধি টিম্বার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত সংঘটিত হয় অগ্ণিকাণ্ডৰ ঘটনা৷ কালি সন্ধিয়াৰ ভাগত ধীৰাজ মেধিয়ে দোকানখন বন্ধ কৰি ঘৰলৈ যায়৷ মাজনিশা ডেৰ বজাত আকস্মিকভাৱে প্রতিষ্ঠানখনত জুয়ে আগুৰি ধৰে৷ নিমিষতে জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত হুৱাদুৱা লাগে৷ শোৱাপাটীৰ পৰা ওলাই আহি স্থানীয় ৰাইজে পানী মাৰি জুই নির্বাপণৰ চেষ্টা কৰে যদিও দোকানখন সম্পূর্ণৰূপে পুৰি ছাই হয়৷ পিছত অগ্ণিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণ কৰে৷ কোনো দুষৃকতিকাৰীয়ে দোকানত অগ্ণিসংযোগ কৰা বুলি প্রত্যক্ষদর্শীয়ে অভিযোগ উত্থাপন কৰে৷