দুলু আহমেদৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ বিৰুদ্ধে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে৷ কংগ্রেছ নেতা দুলু আহমেদে প্রদেশ কংগ্রেছৰ সভাপতি বৰাক হোৱাট্ছএপযোগে ‘চাই ল’ম’ বুলি ভাবুকি দিয়াৰ পৰিপ্রেক্ষিতত কালি বৰাই দিছপুৰ থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে৷

বৰাৰ এজাহাৰৰ ভিত্তিত দিছপুৰ থানাই ৭৭৯১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি প্রদেশ কংগ্রেছৰ নেতৃত্বৰ সৈতে দুলু আহমেদৰ সংঘাত চলি আহিছিল৷