ল’ক’ কলনীত পুনৰ যুৱকক নৃশংস হত্যা, বন্ধুৱে হত্যা কৰাৰ অভিযোগ তুলিলে পৰিয়ালে

নিয়মীয়া বার্তা, ২৩ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ পাণ্ডু অঞ্চল অপৰাধমূলক কার্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে৷ আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ পাণ্ডু অঞ্চলত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে হত্যাকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা৷ যোৱা ৩ ছেপ্টেম্বৰত পাণ্ডুৰ ল’ক’ কলনীত বিকী সূত্রধৰ নামৰ এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কালি পুনৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলটোত তীব্র উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কালি পাণ্ডুৰ ল’ক’ কলনীৰ এটা নলাত উৱলি যোৱা এটা মৃতদেহ স্থানীয় ৰাইজে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাত যুৱকজনক কৃষ্ণ প্রসাদ বুলি চিনাক্ত কৰা হয়৷ পাণ্ডুৰ বিবিচি কলনীৰ বাসিন্দা কৃষ্ণ যোৱা সোমবাৰৰ নিশা ৯ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ মঙলবাৰে পুৱা কৃষ্ণৰ বাইকখন পাণ্ডুত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও কৃষ্ণৰ কোনো সন্ধান পোৱা নাছিল৷ পৰিয়ালৰ লোকে পিণ্টু পাল নামৰ যুৱকজনৰ সৈতে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকা বুলি অভিযোগ কৰিছে৷

স্কুলভান চলাই পৰিয়াল পোহপাল দিয়া কৃষ্ণ প্রসাদ নামৰ যুৱকজনৰ নিৰুদ্দেশ সন্দর্ভত জালুকবাৰী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল৷ কৃষ্ণৰ দেহত থকা আঘাতৰ চিনলৈ চাই এয়া এক হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰি দুজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ ইফালে পৰিয়ালৰ লোকে কৃষ্ণক তিনি বন্ধুৱে মিলি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷

অৱশ্যে আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব৷ লক্ষণীয় যে বিগত বর্ষতো পাণ্ডুৰ ল’ক’ কলনীৰ নলাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ পাণ্ডুৰ ল’ক’ কলনীকে ধৰি এই বৃহত্তৰ অঞ্চলটোত দীর্ঘদিন ধৰি এটা চক্রই ড্রাগ্ছ–জুৱা–সুৰাকে ধৰি বিভিন্নধৰণৰ অসামাজিক কার্যকলাপ চলাই আহিছে৷ আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ এই চক্রটোৱে চলাই অহা ড্রাগ্ছৰ মুকলি বেহাৰ পৰিণতিতে পাণ্ডুৰ ল’ক’ কলনীত এটাৰ পাছত আনটো হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷

বিকী সূত্রধৰৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অপৰাধীক এতিয়াও কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে কৃষ্ণৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ কিমানদূৰ সফল হ’ব, সেয়া সময়তহে লক্ষণীয় হ’ব৷