কলাক্ষেত্রৰ দৰে প্রতিষ্ঠানৰ ভৱিষ্যৎ

এটা সাংস্কৃতিক সপোনৰ অংগ হিচাপে নির্মাণ কৰি উলিওৱা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই অসমৰ সাংস্কৃতিক জীৱনলৈ কিছু হ’লেও পৰিৱর্তন অনাৰ চেষ্টা কৰিছিল৷ কিন্তু শেহতীয়াভাৱে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ অযত্নপালিত চেহেৰাটোৰ বিষয়ে সংবাদ মাধ্যমত প্রকাশ হোৱা সংবাদে ভাবিবলৈ বাধ্য কৰায় যে এই প্রতিষ্ঠানৰ প্রতি ইয়াৰ পৰিচালক মণ্ডলীৰ মনোভাব কেনেধৰণৰ৷ কিন্তু কথাটো হ’ল, এনেকুৱা বিশাল আকৃতিৰ সামাজিক প্রতিষ্ঠান একোটা কেতিয়াৰ পৰা দুর্বল হ’বলৈ আৰম্ভ কৰে, তাক সহজে অনুমান কৰিব নোৱাৰি, কিন্তু যেতিয়া এনে প্রতিষ্ঠানবোৰ ভাগি পৰিবলৈ আৰম্ভ কৰে, তেতিয়াহে ই লোকচক্ষুৰ সন্মুখলৈ আহে আৰু দায়িত্বত থকা লোকসকলকেই দোষী হিচাপে চিহ্ণিত কৰাৰ সম্ভাৱনা দেখা দিয়ে৷ কথাটো শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রসংগৰে উল্লেখ কৰা হ’লেও ই চৰকাৰী প্রচেষ্টাত পৰিচালিত সকলো ধৰণৰ সাংস্কৃতিক প্রতিষ্ঠানকেই প্রতিনিধিত্ব কৰে৷ কথাটো অলপ ব্যাপকভাৱে চালে দেখা যাব যে অসম চৰকাৰে বিভিন্ন জিলাত কিছুমান সাংস্কৃতিক কেন্দ্র স্থাপন কৰিছিল৷ সেইবোৰে কিছুমানক নিযুক্তি দিয়াৰ বাহিৰে কি উদ্দেশ্য সাধন কৰিলে, ৰাজ্যখনৰ সাংস্কৃতিক পৰিমণ্ডলৰ মান উন্নত কৰাত কেনেধৰণে সহায় কৰিলে, তাক বিশ্লেষণ কৰা উচিত৷ সমাজৰ মংগলৰ বাবে প্রতিষ্ঠা কৰা ৰাজহুৱা প্রতিষ্ঠান একোটাই উপযুক্ত বিকাশ লাভ নকৰাৰ প্রশ্ণটোৱে সমাজ সচেতন প্রতিজন ব্যক্তিকে আমনি কৰাটো স্বাভাৱিক৷ কাৰণ, এনে ধৰণৰ সামাজিক প্রতিষ্ঠান অবিহনে সমাজ সঠিকভাৱে জীয়াহ থাকিব নোৱাৰে৷ সামাজিক–সাংস্কৃতিক আদান–প্রদান সামূহিক জীৱনযাত্রাৰ বিকাশৰ বাবে অতি প্রয়োজনীয়৷ অতি সাধাৰণ উদাহৰণ এটি হ’ল– গুৱাহাটীত নাট্য অনুষ্ঠানৰ বাবে সদায়েই ৰবীন্দ্র ভৱনেই আছিল প্রথম পছন্দ৷ কিন্তু ৰবীন্দ্র ভৱন মেৰামতিৰ সময়ত দীর্ঘদিনৰ বাবে এই ভৱনটো বন্ধ থকাত কলাক্ষেত্রৰ মঞ্চখন বিকল্প হিচাপে থিয় হৈ উঠিল৷ এই বিকল্প নথকা হ’লে মানুহৰ মাজৰ ভাব বিনিময় কম হ’ব আৰু ধাৰণাবোৰৰ পৰিসৰ এক সীমাৰ ভিতৰত আবদ্ধ হৈ যাব, বিকাশ সীমিত হ’ব৷ সামাজিক প্রতিষ্ঠান অবিহনে মানুহ জীয়াহ থাকিব পাৰে, কিন্তু জীৱন যাপন কৰিব নোৱাৰে৷
এই ধৰণৰ প্রতিষ্ঠানবোৰ কেৱল গান–বাজনা কৰা মঞ্চ এখনেই নহয়৷ আধুনিক সমাজত এনে সামাজিক প্রতিষ্ঠানৰ ভূমিকা বহুত ব্যাপক হৈ পৰিছে৷ এনে প্রতিষ্ঠানবোৰৰ মূল কাম হৈছে সামাজিক ব্যৱস্থাৰ বাবে সামঞ্জস্য, সংহতি আৰু স্থিৰতা নির্ধাৰণ কৰা৷ এহবোৰৰ আন্তঃগাঁথনি আৰু বিকাশ মূল উদ্যোক্তাৰ চিন্তা আৰু কার্যকৰী দক্ষতাৰ ওপৰত নির্ভৰশীল আৰু বিৱর্তনশীল৷ চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত এনে প্রতিষ্ঠানবোৰ বিভিন্ন সমস্যাৰ পৰা মুক্ত হৈ থকাটো স্বাভাৱিক কথা৷ তাৰ পিছতো এনে প্রতিষ্ঠানবোৰৰ বিকাশ নঘটাৰ মূল কাৰণ হৈছে প্রতিষ্ঠানবোৰৰ জীৱিত ৰূপটো উপলব্ধি নকৰাটো৷ ঘৰ এটাৰ কোঠা এটা বঢ়ালেই ঘৰটোৰ বিকাশ নহয়, বিকাশ হ’ব কোঠাৰ ভিতৰত থকা সম্পদৰ বিকাশ ঘটালেহে৷ এনে প্রতিষ্ঠানবোৰক সাধাৰণতে ধৰি লোৱা হয় তাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ দর্শকৰ বাবে বুলিহে৷ এইটো তেনেই প্রাথমিক স্তৰৰ কথা৷ কিন্তু একোটা বিশাল আকাৰৰ প্রতিষ্ঠানক সেই ঠাইৰ মানুহৰ বাবে গৌৰৱৰ সম্পদ হিচাপে গণ্য কৰাৰ লগতে সেইবোৰক কমেও সর্বভাৰতীয় স্তৰ এটালৈ নিয়াৰ কথা চিন্তা কৰিব পাৰিব লাগিব৷ একেজাতীয় আন অনুষ্ঠানৰ লগত সংযোগ স্থাপন কৰিব পাৰিলেহে প্রতিষ্ঠানটোৰ বিকাশ সম্ভৱ হ’ব পাৰে৷ বৰদোৱাত নির্মাণ কৰিবলগীয়া সাংস্কৃতিক প্রকল্পটোক বিশ্বমানৰ আধ্যাত্মিক প্রকল্প হিচাপে গঢ় দিয়াৰ কথা মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে আৰু এই ঘোষণাই এনে প্রতিষ্ঠানৰ আকৃতিক এক ন্যায্যতা প্রদান কৰিছে৷ কিন্তু কেনেদৰে এই প্রকল্পক অকল বিশ্বমানৰ নহয়, বিশ্বত নাম থকা প্রকল্প হিচাপে প্রতিষ্ঠা কৰিব পৰা যাব, সেই চিন্তা–ভাবনাত সকলোৰে অংশগ্রহণ লাগিব৷ এই চিন্তা–ভাবনাৰ কথাটো সকলোবোৰ প্রতিষ্ঠানৰ ক্ষেত্রতেই প্রযোজ্য৷ অসমৰ নাম বাহিৰত উজলাবলৈ অকল বিভিন্ন বিজ্ঞাপনেৰেই সম্ভৱ নহ’ব, এই প্রতিষ্ঠানবোৰৰ সেৱা গ্রহণ কৰিবলৈ বাহিৰৰ পৰা লোক আহক, তেতিয়াহে এনেবোৰ বিশাল আকৃতিৰ প্রতিষ্ঠানৰ উদ্দেশ্য সাধিত হয়৷