ক’ৰোনাক লৈ পুনৰ সতর্কতা

তেৰ মাহৰ ভিতৰতে বিশ্বৰ ২০ লাখৰো অধিক লোকৰ প্রাণ কাঢ়ি নিয়া অতিমাৰীক লৈ এতিয়াই বেপৰোৱা হোৱাটো হ’ব এটা ডাঙৰ ভুল৷ ক’ভিড–১৯ৰ পুনৰ সংক্রমণে দেশৰ ৫খন ৰাজ্যত সম্প্রতি আতংকৰ সৃষ্টি কৰিছে৷ অন্যান্য ৰাজ্যলৈ যাতে এই মাৰাত্মক ভাইৰাছৰ পুনৰ সংক্রমণ নঘটে তাৰ বাবে কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰসমূহে ব্যাপক সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে৷ অৱশ্যেই ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাই সর্বসাধাৰণ ৰাইজক আশ্বস্ত কৰিছে যে বর্তমানৰ পৰিস্থিতিত ক’ভিড–১৯ অসমত সম্পূর্ণ নিয়ন্ত্রিত অৱস্থাত আছে৷ পুনৰ লকডাউন ঘোষণাৰ সম্ভাৱনাও তেওঁ নুই কৰিছে৷ কিন্তু তেওঁৰ এই বক্তব্যৰ অর্থ এইটো নহয় যে ক’ভিড–১৯ৰ পৰা দূৰত থকাৰ বাবে প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থাক উপেক্ষা কৰিব৷ ইংৰাজীত এষাৰ কথা আছে, ইট ইজ বেটাৰ টু বি ছেফ ডেন ছ’ৰী৷ অর্থাৎ পিছত অনুতপ্ত হোৱাতকৈ আগতীয়া সতর্কতাই শ্রেয়৷ এই মুহূর্তত প্রতিজন নাগৰিকে সামাজিক সচেতনতা প্রদর্শন কৰি মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো জৰুৰী৷ তদুপৰি সামাজিক দূৰত্ব ৰক্ষাৰ ক্ষেত্রতো সকলো সচেষ্ট হ’ব লােিগব৷ অৱশ্যে নির্বাচনী মাহকেইটাত সামাজিক দূৰত্ব ৰক্ষা কৰাৰ ক্ষেত্রত চৰকাৰে কিমান কঠোৰ স্থিতি গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷ প্রতিদিনে নির্বাচনী ৰেলীসমূহত জনসমাগম বৃদ্ধি পাইছে৷ বিশেষকৈ মন্ত্রী ড০ শর্মাৰ ৰেলীসমূহত জনসমুদ্রৰ সৃষ্টি হৈছে৷ অন্যান্য দলসমূহেও নিজৰ নিজৰ ৰেলীত জনসমাগম দৃষ্টি আকর্ষণ হোৱাকৈ বৃদ্ধি কৰিবলৈ চেষ্টা চলোৱাটা স্বাভাৱিক৷ অসমত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বর্তমানৰ অৱস্থাত এয়া চিন্তনীয় নহ’লেও অনাগত সময়ত সংক্রমণৰ প্রকোপৰ ওপৰত চোকা দৃষ্টি ৰখাটো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূর্ণ হ’ব৷ কিয়নো, বহিঃৰাজ্যৰ পৰা ৰে’ল আৰু বিমানেৰে ৰাজ্যলৈ মানুহ আহিয়েই আছে৷ সোমবাৰে দিল্লীৰ পৰা ঘূৰি অহা স্বামীৰ লগতে তেওঁৰ পত্নী গুৱাহাটীৰ ডনবস্কো স্কুলৰ শিক্ষয়িত্রী ক’ৰোনাত আক্রান্ত হোৱা বুলি ধৰা পৰিছে৷ ফলত স্কুলখনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে৷ গতিকে ৰাইজ–চৰকাৰ–প্রশা সকলোৰে সতর্কতা এই সময়ত অত্যন্ত জৰুৰী৷
আন এক উদ্বেগজনক বাতৰি হ’ল ১৮৭জন লোকৰ শৰীৰত ক’ৰোনাৰ ব্রিটেইন ষ্ট্রেইন অর্থাৎ চৰিত্র সলনি কৰি অধিক সক্রিয় আৰু ৰহস্যময় হৈ পৰা বীজাণু ধৰা পৰিছে৷ সেইদৰে ছজনৰ শৰীৰত দক্ষিণ আফ্রিকা ষ্ট্রেইন আৰু ব্রাজিল ষ্ট্রেইন ধৰা পৰিছে৷ আন দুটা ষ্ট্রেইনো মহাৰাষ্ট্র, কেৰালা আৰু তেলেংগানাত ধৰা পৰিছে৷ নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ভি কে প’লে প্রকাশ কৰিছে এই কথা৷ অৱশ্যে স্বাস্থ্য মন্ত্রালয়ে এই বিষয়টোক লৈ সন্ত্রস্ত হোৱাৰ প্রয়োজন নাই বুলি প্রকাশ কৰিছে৷ কিয়নো, এনে ভাইৰাছে চৰিত্র সলনি কৰাটো বা ইয়াৰ নতুন মিউটেণ্ট সৃষ্টি হৈ থকাটো অস্বাভাৱিক নহয়৷ ইয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে আৰু পৰৱর্তী পৰিস্থিতিৰ বাবে স্বাস্থ্য বিভাগ সাজু বুলি স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰিছে৷ অৱশ্যে মহাৰাষ্ট্র, কেৰালা, পঞ্জাব, ছত্তিশগড় আদি ৰাজ্যত সংক্রমণৰ হাৰ দ্রুত বৃদ্ধিৰ পৰিপ্রেক্ষিতত কোনেও হাত সাবটি বহি থাকিব নোৱাৰে৷ ক’ৰোনাৰ মিউটেণ্টৰ যদি ব্যাপক সংক্রমণ বিয়পি পৰে, তেন্তে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে৷ ইতিমধ্যে দেশত সক্রিয় ক’ৰোনা ৰোগীৰ সংখ্যাই ১.৫ লাখৰ সীমা অতিক্রম কৰিছে৷ ১৭ দিনৰ পিছত এই সংখ্যাই ডেৰ লাখ অতিক্রম কৰিলে৷ এই ৰাজ্যসমূহত ক’ভিডৰ পৰীক্ষাৰ যথোপযুক্ত ব্যৱস্থা কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে৷ এই সময়ত নিটি আয়োগৰ সদস্য ভি কে প’লৰ মন্তব্য তাৎপর্যপূর্ণ৷ তেওঁ কয় যে ক’ৰোনাৰ মিউটেণ্টৰ বাবে সংক্রমণৰ হাৰ বৃদ্ধি পাইছে নেকি তাৰ ওপৰত পৰীক্ষা–নিৰীক্ষা চলাই থকা হৈছে৷ বাস্তৱ কথাটো হ’ল এই মাৰাত্মক ভাইৰাছ এতিয়াও নির্মূল হোৱা নাই৷ যিকোনো মুহূর্তত ই আমাক আচৰিত কৰি দিব পাৰে৷ এতিয়াও ক’ৰোনাৰ সকলো তথ্য বিজ্ঞানীৰ হাতত নাই৷ সেয়ে সতর্কতাই হ’ল আত্মৰক্ষাৰ উত্তম পন্থা৷