ক’ভিডত আক্ৰান্ত অভিনেতা আমিৰ খান

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে বলীউডৰ সুদক্ষ অভিনেতা আমিৰ খান। বৰ্তমান তেওঁ নিজ বাসগৃহতে আইছ’লেচনত আছে। লগতে অভিনেতাগৰাকীয়ে ঘৰতে সকলো প্ৰকাৰৰ ক’ভিড প্ৰট’কল মানি চলিছে বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে সাৱধানতামূলক ব্যৱস্থা হিচাপে ক’ভিড পৰীক্ষা কৰাৰ বাবে অভিনেতাগৰাকীয়ে আহ্বান জনাইছে।