অভিনেতা ছনু সুডৰ নামত স্পাইচ জেটৰ বিমান উৎসর্গা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ৰোনা মহামাৰীৰ আক্রমণত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকক নিজ গৃহলৈ ওভতা আৰু বিদেশত আবদ্ধ ভাৰতীয় লোকক স্বদেশলৈ নিজ খৰচত প্রত্যার্পণ কৰাই মহানুভৱতাৰ পৰিচয় দিয়া বলীউডৰ অভিনেতা ছনু সুডক বিশেষ সন্মান জনালে স্পাইচ জেটে৷

অভিনেতা সুডক সন্মান জনাই স্পাইচ জেটে এখন বিশেষ বিমান ‘এ ছেলুট টু দ্য ছেভিয়াৰ’ শীর্ষক বাক্যৰে বিমান সেৱা কোম্পানীটোৱে ৰিয়েল লাইফ হিৰো সুডক স্বীকৃতি দিয়ে৷ স্পাইচ জেটে অভিনেতাগৰাকীৰ নামত বিশেষ বিমান উৎসর্গা কৰাৰ পাছতেই আৱেগিক হৈ পৰে অভিনেতা সুড৷

অভিনেতাগৰাকীয়ে টুইটাৰত আৱেগিক হৈ কয়– মগাৰ পৰা মুম্বাইলৈ বিমানত অসংৰক্ষিত টিকটত অহাটো মনলৈ আহিছে৷ মোৰ প্রতি ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ৷ এই সময়ত মোৰ পিতৃ–মাতৃলৈ মনত পৰিছে৷

উল্লেখ্য যে পঞ্জাবৰ পৰা মুম্বাইলৈ আহি ছনু সুডে এগৰাকী অভিনেতা হিচাপে প্রতিষ্ঠিত হয়৷ অৱশ্যে নায়কৰ সলনি তেওঁ এগৰাকী খলনায়ক হিচাপেহে অধিক স্বীকৃতি লাভ কৰিছে৷ ৰীলত খলনায়কৰ ভূমিকাত অভিনয় কৰা সুড বাস্তৱ জীৱনত এগৰাকী নায়কৰ শাৰীলৈ উন্নীত হৈছে৷