দেউতাকৰ ‘প্রেমিকা’ ফতিমাৰ গালত চুমা আমিৰ-কন্যাৰ

বিশেষ বাৰ্তা, ১৬ মেঃ এসপ্তাহ আগতে ২৫-ত ভৰি দিছে। জন্মদিন উদ্‌যাপন সুখকৰ হ’লেও তাৰ পাছত ফটোক লৈ ছ’চিয়েল মিডিয়া তোলপাৰ। পিতৃৰ সম্মুখত বিকিনি পিন্ধাক লৈ আমিৰ খানৰ কন্যা ইৰা খানক কটাক্ষৰ বাণেৰে বিদ্ধ কৰিছে ইনষ্টাগ্রাম ব্যৱহাৰকাৰীয়ে। সেই ইৰাই শেহতীয়াকৈ আৰু কেইখনমান ফটো দি কটাক্ষ কৰাসকলক ওলোটা টোপ দিছে। সাতখন ফটো পোষ্ট কৰিছে ইৰাই। কোনোখনত জন্মদিনৰ পুল পার্টীত অতিথিৰ সৈতে আনন্দত মতলিয়া, কোনোখনত আকৌ বন্ধুৰ সৈতে। ক’ৰবাত দেউতাকৰ প্রাক্তন পত্নী কিৰণ ৰাওৰ সৈতে জলকেলি…।

তাৰে শেষৰ ফটোত দেখা গৈছে অভিনেত্রী ফতিমা ছানা শেখক আৱৰি ধৰি গালত চুমা দিছে ইৰাই। কিৰণৰ সৈতে বিচ্ছেদ ঘোষণাৰ পাছৰ পৰাই আমিৰ খানে নানা ধৰণৰ কটাক্ষ চিকাৰ হৈছে। তাৰে প্রধান কাৰণ এটা- ফতিমা। ‘দংগল’ ছবিৰ শ্বুটিঙৰ সময়তে ফতিমাৰ সৈতে আমিৰৰ সম্পর্কৰ গুঞ্জন শুনা গৈছিল। ফটোৰ সৈতে ইৰাই লিখিছে- কটাক্ষৰ ভাণ্ডাৰ শেষ হৈছেনে? তেন্তে এয়া লওক আৰু কিছু ফটো।