নিউয়র্কৰ আকাশত ৰহস্যজনক উৰন্ত চিলিণ্ডাৰ

🔹 প্রত্যক্ষ কৰিছিল বিমানত ভ্রমণ কৰা মহিলা যাত্রীয়ে

বিশেষ বাৰ্তা, ২৭ এপ্রিল : নিউয়র্কৰ আকাশত ৰহস্যজনক উৰন্ত চিলিণ্ডাৰ প্রত্যক্ষ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰহস্যজনক ইউএফঅ’ক লৈ বিশ্বজুৰি চর্চা আৰু অধ্যয়ন চলি থকাৰ সময়তে নিউয়র্কৰ আকাশত বাণিজ্যিক বিমানৰ যাত্রী এগৰাকীয়ে উৰন্ত চিলিণ্ডাৰ প্রত্যক্ষ কৰাক লৈ আন এক ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে মিছেল ৰেইজ নামৰ মহিলা এগৰাকীয়ে বাণিজ্যিক বিমান এখনেৰে নিউয়র্কৰ আকাশত গৈ থকা অৱস্থাত উৰন্ত চিলিণ্ডাৰ এটা প্রত্যক্ষ কৰে৷ খিৰিকীৰে মহিলাগৰাকীয়ে ৰহস্যজনক চিলিণ্ডাৰটো দেখা পাই ভিডিঅ’ ৰেকর্ডিং কৰে৷ ভিডিঅ’ ৰেকর্ডিংটো মহিলাগৰাকীয়ে কেইঘণ্টামানৰ পিছতেই আমেৰিকাৰ যুক্তৰাষ্ট্রৰ এফএএলৈ ই–মেইলযোগে প্রেৰণ কৰে৷ অৱশ্যে এফএএৰ পৰা কোনোধৰণৰ উত্তৰ নাপালে মহিলাগৰাকীয়ে৷ উৰন্ত চিলিণ্ডাৰ প্রত্যক্ষ কৰা সন্দর্ভত মহিলাগৰাকীয়ে প্রকাশ কৰা মতে, যোৱা ২৫ মার্চত নিউয়র্কৰ লা গার্ডিয়া বিমানবন্দৰৰ পৰা আকাশমার্গেৰে গৈ থকা অৱস্থাতে তেওঁ এই উৰন্ত ৰহস্যজনক সঁজুলিটো দেখা পাইছিল৷ এই ভিডিঅ’টো প্রত্যক্ষ কৰি মিউচুৱেল ইউএফঅ’ নেটৱর্কৰ সঞ্চালক থমাছ ৱার্টমেনে কয় যে ২,৫০০ ফুট উচ্চতাত অন্ধকাৰত উৰন্ত সামগ্রী এটা প্রত্যক্ষ কৰা হৈছে৷ এই বিষয়টো অধ্যয়ন কৰাৰ প্রয়োজন আছে৷ অধ্যয়নৰ অন্তত কি সেয়া স্পষ্ট হৈ পৰিব৷

Featured