পাঠশালাত ভ্ৰাম্যমাণৰ পেণ্ডেলত জনসমুদ্ৰঃ কহিনুৰত অৰ্ধনাৰীৰ বিপৰীতে আৱাহনে চমক দিছে মই নাটক কৰা ছোৱালীৰে

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট: কভিদে জুৰুলা কৰাৰ প্ৰায় দুটা বছৰৰ অন্তত যেন পুনৰ প্ৰান চঞ্চলা হৈ পৰিছে নাট্যনগৰী পাঠশালা। কবলৈ গলে বিগত কিছুদিন ধৰি ভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ দৰ্শকে সন্ধিয়া হলেই পদব্ৰজে নাটকৰ প্ৰেক্ষাগৃহলৈ উৎসাহেৰে যোৱা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এক কথাত নাটকৰ জনসমুদ্ৰত পৰিনত হৈছে পাঠশালা। যোৱা কিছুদিন ধৰি পাঠশালাত আৱাহন থিয়েটাৰ, কহিনুৰ আৰু ৰাজমুকুট থিয়েটাৰে একেলগে নাট পৰিবেশন কৰাৰ পিছত এতিয়া নাট্য আন্দোলনৰ অন্যতম নাট্য দল আৱাহন আৰু কহিনুৰ থিয়েটাৰৰ সেই চিৰ পৰিচিত অঘোষিত প্ৰতিযোগিতা চলিছে নাট্য নগৰী পাঠশালাত। এই প্ৰতিযোগিতা হৈছে সুস্থ ইতিবাচক প্ৰতিযোগিতা। কোনে কিমান দৰ্শকৰ মন জয়ী কৰিব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলিছে এতিয়া পাঠশালাত। এফালে যদি কহিনুৰৰ মঞ্চত চম্পক শৰ্মাৰ “অৰ্ধনাৰী” নাটকে খলকনি লগাইছে আনফালে আৱাহনক অভিজিত ভট্টাচাৰ্য্যৰ “মই নাটক কৰা ছোৱালী” নাটকে কন্দুৱাইছে দৰ্শকক। নাটক কৰা ছোৱালী নাটকত আৱাহন থিয়েটাৰৰ কাৰ্যবাহী প্ৰয়োজন তথা দক্ষ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ মন পৰশা অভিনয়ে সকলোৰে চকু সেমেকাই তুলিছে।পিতৃ কন্যক লৈ ৰচিত নাটত কৰা প্ৰস্তুতি পৰাশৰৰ অভিনয় আৰু কাহিনী সকলোৰে মন জয়ী কৰাৰ সমান্তৰালকৈ এতিয়া পাঠশালা চহৰৰ অলিয়ে গলয়ে চাহদোকান পদপথ সকলোতে এতিয়া নাটকৰ চৰ্চা। দুজন লোক লগ হলেই কেবল নাটকৰ কথা।কাৰ অভিনয় ভাল হল কাৰ দৰ্শনীত কিমান মানুহ হল আদি আলোচনাই এতিয়া মুখ্য আলোচ্য বিষয় পাঠশালাৰ। মুঠৰ ওপৰত নাটকৰ আলোচনাই এতিয়া প্ৰান চঞ্চলা কৰি তুলিছে পাঠশালাক৷ ৪৭ সংখ্যক নাট্য বৰ্ষত কহিনুৰ থিয়েটাৰে তিনিখনকৈ নাট ক্ৰমে ৰাজদ্বীপৰ বিষ্ণুপ্ৰিয়া আৰু চম্পক শৰ্মাৰ অৰ্ধনাৰীক ৰাইজে বিপুলভাৱে আদৰি লৈছে আৰু কিশোৰ তহবিলদাৰৰ নাট্যৰূপ নাগিনীৰ অমৃত দৰ্শন এতিয়াও মঞ্চস্থ কৰিবলৈ বাকী আছে৷ আনহাতে ৪৩ সংখ্যক নাট্য বৰ্ষত আবাহন থিয়েটাৰে তিনিখন নাটক লৈ দৰ্শকৰ মাজলৈ যাব৷ ইতিমধ্যেই অগ্নিকন্যা আৰু মই নাটক কৰা ছোৱালীক পাঠশালাৰ ৰাইজে আদৰি লৈছে আৰু লভিতা মঞ্চস্থ হবলৈ বাকী আছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

Featured