নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ মাজ আকাশত যাত্রীবাহী বিমানৰ ইঞ্জিনত বিজুতি ঘটি জুই জ্বলাৰ পিছতে আমেৰিকাৰ বিমান নির্মাণ সংস্থা ব’য়িঙে ৭৭৭ বিমানৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে শনিবাৰে ডেনভাৰ বিমানবন্দৰৰ পৰা হনুলুলু অভিমুখে ২৩১গৰাকী যাত্রী কঢ়িয়াই নিয়া বিমানখনৰ সোঁফালৰ ইঞ্জিনত বিজুতি ঘটি জুই জ্বলাৰ পিছতে ইয়াৰ এটা অংশ খহি পৰিছিল বসতি অঞ্চলত৷ এই ঘটনাৰ পিছতে ব’য়িঙৰ প্রাট এণ্ড হুইটনী ৪০০০–১১২ ইঞ্জিনৰ ৭৭৭ মডেলৰ বিমানৰ নিৰাপত্তাক লৈ বিভিন্ন দেশত প্রশ্ণৰ উদয় হয়৷
আমেৰিকাৰ ইউনাইটেড এয়াৰলাইনছ আৰু জাপানৰ দুটা উৰণ সংস্থাই তাৎক্ষণিকভাৱে এই মডেলৰ ৬২খন বিমানৰ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, কোৰিয়ান এয়াৰেও ব’য়িং ৭৭৭ মডেলৰ ছখন বিমানৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰিছে৷ উল্লেখনীয় যে ডেনভাৰত যিখন বিমানৰ ইঞ্জিনত বিজুতি ঘটিছিল সেই একে মডেলৰ মুঠ ১২৮খন বিমান আছে৷
ব’য়িঙে নির্মাণ কৰা এই বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াই দাবী কৰিছে৷ স্মর্তব্য যে ইয়াৰ পূর্বেও ব’য়িঙৰ ৭৭৭ বিমানৰ উৰণ যাত্রীৰ বাবে নিৰাপদ নহয় বুলি ব্যাপক চর্চা চলিছিল৷ ডেনভাৰৰ ঘটনাত কথমপি ২৩১গৰাকী যাত্রীৰ জীৱন ৰক্ষা পৰাৰ পিছতে ব’য়িঙৰ বিমানত নিৰাপত্তাৰ বিষয়টোক লৈ পুনৰ সর্বত্র চর্চা চলিছে৷