পার্ছেভাৰেন্সে মঙলপৃষ্ঠ স্পর্শ কৰাৰ বিৰল দৃশ্য

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই ৰঙা গ্রহ মঙললৈ প্রেৰণ কৰা ৰ’ভাৰ পার্ছেভাৰেন্সে প্রেৰণ কৰা অৱতৰণৰ মুহূর্তৰ ছবি কালি মুকলি কৰি দিয়া হৈছে৷ হাই ডেফিনেচন কেমেৰাৰ জৰিয়তে অৱতৰণৰ মুহূর্ত বন্দী কৰি ৰখা হৈছে এই ৰ’ভাৰটোত৷ মঙলৰ জেজেৰ’ গহ্বৰত পার্ছেভাৰেন্স অৱতৰণৰ সময়ৰ ভিডিঅ’ মঙলবাৰে নাছাই মুকলি কৰি দিয়াৰ লগে লগে বিশ্বজুৰি বিষয়টোক লৈ চর্চা চলিছে৷ পেৰাছ্যুটৰ জৰিয়তে ৰঙা গ্রহৰ পৃষ্ঠ পার্ছেভাৰেন্সে স্পর্শ কৰাৰ মুহূর্ত দেখিবলৈ পোৱা গৈছে এই ভিডি’ত৷ ৩ মিনিটৰ এই ভিডিঅ’ত গ্রহটোৰ ৰঙা ধূলি উৰা দৃশ্য প্রত্যক্ষ কৰি নাছাৰ বিজ্ঞানীসকল উৎসুক হৈ পৰিছে৷

স্মর্তব্য যে সাত মাহ পূর্বে পার্ছেভাৰেন্স ৰ’ভাৰ মঙল অভিমুখে প্রেৰণ কৰিছিল নাছাই৷ বহু প্রতীক্ষাৰ পিছত ১৯ ফেব্রুৱাৰীত মঙলৰ পৃষ্ঠ স্পর্শ কৰে ৰ’ভাৰটোৱে৷ পৃথিৱীত বহি মঙলৰ পৃষ্ঠত ৰ’ভাৰটোৱে স্পর্শ কৰা বিৰল এই ভিডি’ই বিজ্ঞানৰ ক্ষেত্রখনত সৃষ্টি কৰিছে আলোড়ন৷