জেক মাক অতিক্রমি এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি ঝং শ্বানশ্বান

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ চীনৰ ভেকচিন টাইকুন ঝং শ্বানশ্বানে ধনকুবেৰ জেক মাক অতিক্রম কৰি এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে চিহ্ণিত হৈছে৷ মুকেশ আম্বানিৰ পিছতে এতিয়া স্থান হৈছে ঝঙৰ৷

ইফালে, বিশ্বৰ সপ্তদশ ধনী ব্যক্তি হিচাপে নতুন তালিকাত নাম সন্নিৱিষ্ট হৈছে ঝঙৰ৷ লক্ষণীয়ভাৱে চীনৰ আটাইতকৈ ধনী ব্যক্তি জেক মাৰ সম্পত্তি বিগত কিছুদিনৰ ভিতৰত অভাৱনীয়ভাৱে হ্রাস পাইছে৷ কালি প্রকাশ পোৱা তথ্য অনুসৰি ঝং শ্বানশ্বানৰ বর্তমান মুঠ সম্পদ হৈছে ৫৮৭০ কোটি মার্কিন ডলাৰ৷ অর্থাৎ জেক মাৰ সম্পত্তিতকৈ ঝঙৰ সম্পত্তি ২০০ কোটি ডলাৰতকৈও বেছি৷ ব্লুমবার্গ বিলিয়নেৰিছ সূচাংকত এই তথ্য প্রকাশ পাইছে৷

লক্ষণীয়ভাৱে ২০২০ চনত ঝঙৰ সম্পদ বৃদ্ধি পাইছে ৫১৯০ কোটি ডলাৰ৷ আমাজ’নৰ জেফ বেজ’ছ আৰু টেছলাৰগৰাকী এল’ন মাস্কৰ পিছতেই বর্ষটোত সর্বাধিক মুনাফা লাভ কৰা টাইকুন হিচাপে চিহ্ণিত হৈছে ঝং৷