ব্লকবাষ্টাৰ ছবি RRRৰ ‘নাটু নাটু’ গীতলৈ গ’ল্ডেন গ্লোবৰ শ্রেষ্ঠ মৌলিক গীতৰ বঁটা

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ গ’ল্ডেন গ্ল’ব ২০২৩ বঁটাৰে সন্মানিত হ’ল ভাৰতীয় চলচ্চিত্র ‘আৰআৰআৰ’৷ সন্মানীয় বঁটা গ’ল্ডেন গ্ল’বৰ শ্রেষ্ঠ মৌলিক গীতৰ বঁটা ‘আৰআৰআৰ’ৰ ‘নাটু নাটু’ শীর্ষক গীতটোৱে লাভ কৰি ইতিহাস সৃষ্টি কৰিলে৷ প্রথম ভাৰতীয় চলচ্চিত্র হিচাপে ‘আৰআৰআৰ’ৰ ‘নাটু নাটু’ গীতটোৱে বিশ্বৰ প্রখ্যাত শিল্পী লেডী গাগা, ৰিহানাকে ধৰি কেইবাগৰাকীক চেৰ পেলাই শ্রেষ্ঠত্বৰ সন্মান কঢ়িয়াই আনি ভাৰতবাসীক গৌৰৱান্বিত কৰে৷ লছ এঞ্জেলছৰ বেভাৰলী হিল্টন হোটেলত অনুষ্ঠিত অনুষ্ঠানত তাৰকা জেনা অর্টেগাই ভাৰতীয় চলচ্চিত্রৰ নাটু নাটু শীর্ষক গীতটোৱে শ্রেষ্ঠ মৌলিক গীতৰ সন্মান লাভ কৰে৷ গীতটোৰ সংগীত পৰিচালক এম এম কিৰাবানিয়ে বঁটাটি গ্রহণ কৰাৰ সময়ত ছবিখনৰ পৰিচালক এছ এছ ৰাজামৌলি, অভিনেতা জুনিয়ৰ এনটিআৰ আৰু ৰামচৰণ তেজা উপস্থিত থাকে৷ দেশ–বিদেশত ব্যৱসায়িকভাৱে হাজাৰ কোটি টকাৰ উপার্জন কৰি ব্লক বাষ্টাৰ হিচাপে বিবেচিত আৰআৰআৰ নাটু নাটু শীর্ষক গীতটি ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ বাসভৱনত চিত্রায়ন কৰা হৈছিল৷ চন্দ্রবোসৰ দ্বাৰা ৰচিত এম এম কিৰাবানিৰ দ্বাৰা সংগীত আৰোপিত গীতটিত কণ্ঠদান কৰিছে কালা ভৈৰব আৰু ৰাহুল শিল্পীগুঞ্জে৷ গীতটি নৃত্য পৰিচালনা প্রেম ৰক্ষিতৰ৷ এই বঁটা লাভৰ বাবে বলীউডৰ ৰথী–মহাৰথীয়ে চিনেমাখনৰ দলটোক অভিনন্দন জনাইছে৷ অস্কাৰ বঁটা বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমান, বিগ বি অমিতাভ বচ্চনকে ধৰি বলীউডৰ চেলিব্রিটীয়ে ‘আৰ আৰ আৰ’ৰ কলা–কুশলীক অভিনন্দন জ্ঞাপন কৰে৷ গ’ল্ডেন গ্ল’ব বঁটাৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ‘আৰ আৰ আৰ’ৰ দলক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে অভিনন্দন জ্ঞাপন কৰে৷ টুইটত প্রধানমন্ত্রী মোদীয়ে কয়– ইয়াক লৈ প্রতিগৰাকী ভাৰতীয় গৌৰৱান্বিত৷

Featured