সাৱধান! Google Maps ৰ এটা ভুলৰ বাবেই মৃত্যু ঘটিল ২ বন্ধুৰ…কেনেকৈ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ আজিৰ যুগত সকলোৰে বাবে ভৰসাৰ একমাত্ৰ কেন্দ্ৰবিন্দু হৈছে গুগল মেপ। এই গুগল মেপ ব্যৱহাৰ কৰিয়ে অনায়াসে কোনো এচিনাকী ঠাই ভ্ৰমণ কৰিব পাৰে। কিন্তু কেতিয়াবা এটা সৰু ভুলেই আপোনাৰ বাবে জীৱন আৰু মৃত্যুৰ প্ৰশ্ন হৈ পৰে। ৰাছিয়াৰ ছাইবেৰিয়াত থিক একে ধৰণৰ ঘটনা পোহৰলৈ আহিছে। য’ত গুগল মেপে দেখুৱা ভুল পথৰ বাবে ১৮ বছৰীয়া দুজন যুৱক পথভ্ৰষ্ট হৈ পৰে।

ইপিনে যুৱকদুজনে যিটো ৰাস্তাৰে গৈছিল তাত নিশা তাপমাত্ৰা -৫০ ডিগ্ৰী চেলচিয়াছলৈ নামে। যাৰ বাবে তেওঁলোকৰ ঠাণ্ডাত মৃত্যু ঘটে।

উল্লেখ্য যে ৰাস্তাটো সম্পূৰ্ণৰূপে বৰফেৰে আবৃত হৈ আছিল আৰু গাড়ীৰ ৰেডিয়েটৰেও ডাঠ বৰফৰ বাবে কাম কৰা বন্ধ কৰি দিছিল। যাৰফলত দুয়োজন বন্ধুৱে গুৰুতৰ ঠাণ্ডাৰ মোকাবিলা কৰিব নাজানি মৃত্যুমুখত পৰিছিল।