ট্রাম্পৰ মুখত ভাৰতৰ বায়ু প্রদূষণ প্রসংগ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ আগন্তুক তিনি নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ তৃতীয় তথা অন্তিমটো টেলিভিছন বিতর্কত  মুখামুখি হয় ড’নাল্ড ট্রাম্প তথা ডেমক্রেটিক প্রার্থী জ’ বিডেন৷ এই অন্তিমটো বিতর্কত ক’ভিড–১৯ মহামাৰীৰ পৰা আৰম্ভ কৰি দুর্নীতিলৈকে বিভিন্ন বিষয়ত ড’নাল্ড ট্রাম্পৰ ভূমিকাক কঠোৰ সমালোচনা কৰে জ’ বিডেনে৷

মহামাৰীৰ ক্ষেত্রত ড’নাল্ড ট্রাম্পে আমেৰিকাত পুনৰ লকডাউনৰ প্রয়োজন নাই বুলি উল্লেখ কৰিছে যদিও ডেমক্রেটিক প্রার্থী বিডেনে মহামাৰীৰ সংহাৰ অব্যাহত থাকিলে লকডাউনৰ প্রয়োজন আছে বুলি মন্তব্য কৰিছিল৷ ইফালে,   এই বিতর্কৰ মাজতে ড’নাল্ড ট্রাম্পে জলবায়ু আৰু প্রদূষণ প্রসংগত ভাৰতৰ কথা উল্লেখ কৰে৷ আমেৰিকাত এতিয়াও মুক্ত আৰু বিশুদ্ধ বায়ু উপলব্ধ বুলি উল্লেখ কৰি ট্রাম্পে কয় যে ভাৰতৰ বায়ু প্রদূষণযুক্ত৷ লক্ষণীয়ভাৱে ভাৰতৰ ৰাজধানী দিল্লীৰ বায়ু প্রদূষণ বিগত ৮ মাহতকৈ অধিক হৈছে দিনটোত৷

ৰাষ্ট্রপতিগৰাকীয়ে ভাৰতৰ বায়ু প্রদূষণ সন্দর্ভত নির্বাচনী বিতর্কত মন্তব্য আগবঢ়োৱাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে মধুৰ সম্পর্ক থকা বুলি বিভিন্ন সময়ত ঘোষণা কৰি অহা বিশ্বৰ মহা পৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীয়ে আজি ভাৰতৰ ৰাজধানী চহৰখনৰ বায়ু প্রদূষণ সন্দর্ভত মন্তব্য কৰাৰ লগে লগে বিৰোধী কংগ্রেছে মোদী চৰকাৰক কটাক্ষ কৰিছে৷