পোহনীয়া কুকুৰেৰে মাংসৰ নাটনি দূৰ কৰিব কিম জং উনে

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ উত্তৰ কোৰিয়াৰ মুৰব্বী কিম জং উনৰ প্রতিটো সিদ্ধান্তই বিশ্ববাসীক হতবাক কৰি তোলে৷ ক’ভিড–১৯ সংকটৰ সময়ত দেশত মাংসৰ নাটনি হোৱাৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ মুৰব্বী কিম জং উনে দেশবাসীক এনে এক সিদ্ধান্ত জাপি দিছে যাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷ ক’ভিড–১৯ৰ বাবে দেশখনৰ ৰেষ্টুৰেণ্টকে ধৰি হোটেলত মাংসৰ অভাৱ নির্মূল কৰিবলৈ কুকুৰ ব্যৱহাৰ কৰিব৷ পোহনীয়া কুকুৰক মাংসলৈ ৰূপান্তৰিত কৰি সেইবোৰ ৰেষ্টুৰেণ্টবোৰত যোগান ধৰি চলি থকা মাংসৰ নাটনি দূৰ কৰিব শাসক উনে৷ এই সন্দর্ভত ইতিমধ্যে দেশবাসীক কুকুৰ পোহা বাদ দিয়াৰ লগতে তেওঁলোকৰ পোহনীয়া কুকুৰবোৰ চৰকাৰৰ হাতত জমা দিবলৈ কঠোৰ নির্দেশ দিছে৷

উল্লেখ্য যে দেশখনত পশুধন দুখীয়া লোকসকলে পোহপালন কৰাৰ বিপৰীতে ধনী আৰু উচ্চ পর্যায়ৰ নাগৰিকসকলে কুকুৰ পুহি আহিছে৷ এই কুকুৰ পোহা অভ্যাসটো পুঁজিবাদ আৰু পুঁজিপতি আদর্শৰ প্রতীক বুলি আখ্যা দি দেশখনৰ মুৰব্বী উনে কুকুৰ পোহা বাদ দিবলৈ দেশবাসীক নির্দেশ দিছে৷ নতুনকৈ কুকুৰ পোহাৰ বাবে কোনো ধৰণৰ পদক্ষেপ নল’বলৈ নির্দেশ দিয়াৰ লগতে পোহনীয়া কুকুৰবোৰো চৰকাৰক গতাই দিবলৈ নির্দেশ দিছে শাসকগৰাকীয়ে৷ কুকুৰ পোহাটো পশ্চিমীয়া সভ্যতাৰ প্রতীক বুলি আখ্যা দি উত্তৰ কোৰিয়াৰ শাসকজনে কুকুৰ পোহা ত্যাগ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ উল্লেখ্য যে ১৯৮০ চনৰ পৰা দেশখনত কুকুৰ পোহা বিষয়টোক লৈ বিতর্ক চলি আহিছে৷ মাংসৰ নাটনি দূৰ কৰিবলৈ কুকুৰ পোহাত নিষেধাজ্ঞা জাৰি কৰি পুনৰ চর্চালৈ আহিছে উত্তৰ কোৰিয়া৷