গোপনে টাইৱান দখলৰ পৰিকল্পনা গ্রহণ চীনা সেনাৰঃ সূত্রপাত ঘটিব পাৰে ভয়াৱহ যুদ্ধৰ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ চীনে ব্যাপক হাৰত অস্ত্র ক্রয় কৰাৰ উপৰি দেশখনৰ সেনাক যুদ্ধৰ বাবে সাজু কৰা ঘটনাক লৈ উদ্বিগ্ন হৈছে আমেৰিকা৷ আমেৰিকান সেনাই সতর্কবাণী কৰিছে যে টাইৱান দখল কৰিবলৈ চীনা বাহিনীয়ে যিকোনো মুহূর্ততে আক্রমণ চলাব পাৰে৷ আমেৰিকান সেনাৰ শীর্ষ বিষয়াই আশংকা কৰা অনুসৰি বেইজিঙে ইতিমধ্যে টাইৱান দখলৰ বাবে গোপনে এক সময়সূচী প্রস্তুত কৰিছে৷

উল্লেখনীয় যে টাইৱানৰ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰক কেতিয়াও স্বীকৃতি দিয়া নাই বেইজিং প্রশাসনে৷ চীনে সদায় টাইৱান দেশখনৰ মূল ভূখণ্ডৰ অধীনস্থ এক স্ব–শাসিত অঞ্চল বুলি ঘোষণা কৰি আহিছে৷ আনকি বিভিন্ন সময়ত চীনা নেতাসকলে টাইৱান মূল ভূখণ্ডৰ সৈতে চামিল হ’ব বুলি ঘোষণা কৰি আহিছে৷ এই বিষয়টোক লৈয়েই কেইবা দশক ধৰি আমেৰিকা আৰু চীনৰ মাজত চলি আছে সংঘাত৷ আনকি টাইৱানক কেন্দ্র কৰি চীন আৰু আমেৰিকাৰ মাজত এক সর্বনাশী যুদ্ধৰ সৃষ্টি হ’ব পাৰে বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ঘোষণা কৰি আহিছে৷

টাইৱানৰ সমীপতে চীনে শেহতীয়াকৈ সামৰিক শক্তি বৃদ্ধি কৰাৰ লগে লগে আমেৰিকাৰ উদ্বেগ বাঢ়িছে৷ ইফালে, দক্ষিণ চীন সাগৰীয় অঞ্চলতো বেইজিঙে কেইবাখনো দেশৰ আপত্তি সত্ত্বেও অবাধ আধিপত্য দাবী কৰি আহিছে৷

শেহতীয়াকৈ আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকেনে আলাস্কাত চীনৰ শীর্ষ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও টাইৱান, দক্ষিণ চীন সাগৰীয় অঞ্চল আৰু হংকঙক লৈ তীব্র মতানৈক্যৰ সৃষ্টি হৈছিল৷ কোনোধৰণৰ সমাধান অবিহনেই আলোচনাৰ অন্ত পৰিছিল৷ শেহতীয়াকৈ আমেৰিকান সেনাই চীনে টাইৱান দখলৰ ষড়যন্ত্র আৰম্ভ কৰা বুলি ঘোষণা কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷