ক’ভিড সাহায্য পেকেজ বিধেয়কত স্বাক্ষৰ কৰা নাই ট্রাম্পে

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ আমেৰিকাৰ কেইবা নিযুতো নিবনুৱাই পাবলগীয়া সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ড’নাল্ড ট্রাম্পৰ বাবে৷ ক’ভিড সাহায্য পেকেজ বিধেয়কত কংগ্রেছ আৰু ছিনেটে অনুমোদন জনাইছে যদিও ৰাষ্ট্রপতি ট্রাম্পে ইয়াত স্বাক্ষৰ নকৰাৰ বাবে এই বিধেয়ক আইনত পৰিণত হোৱা নাই৷ গতিকে ক’ভিড সংকটৰ সময়ত নিবনুৱাসকলে পাবলগীয়া বিত্তীয় সাহায্যৰ পৰা বঞ্চিত হৈছে৷

দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত বিজয়ী হোৱা ডেম’ক্রেটিক নেতা জ’ বাইডেনে সতর্কবাণী কৰিছে যে যদি ড’নাল্ড ট্রাম্পে এই বিধেয়কত স্বাক্ষৰ কৰাৰ ক্ষেত্রত বিলম্ব ঘটাই থাকে, তেন্তে দেশৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব৷ লক্ষণীয়ভাৱে এই বিধেয়কত ৰাষ্ট্রপতি ট্রাম্পে স্বাক্ষৰ কৰাৰ চূড়ান্ত সময়সীমা আছিল শনিবাৰ৷ কিন্তু ইতিমধ্যে এই সময়সীমা পাৰ হৈছে৷ ৯০ হাজাৰ কোটি ডলাৰৰ ক’ভিড সাহায্য পেকেজ বিধেয়কত দেশখনৰ কংগ্রেছ আৰু ছিনেটত দীর্ঘসময় আলোচনাৰ পিছত অনুমোদন জনাইছে প্রতিনিধিসকলে৷ কিন্তু ট্রাম্পে এই বিধেয়কক ধনৰ অপচয় আখ্যা দিছে৷ লগে লগে দেশখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷