‘কাঁ’ৰ ৰেড কার্পেটত দর্শকৰ নজৰ কাঢ়িছে দীপিকাৰ পোছাকে

নিয়মীয়া বাৰ্তা, ১৮ মেঃ ফ্রান্সৰ বিখ্যাত কাঁ চলচ্চিত্র মহোৎসৱত একাধিকবাৰ লাস্যময়ী চেহেৰাৰে ভুমুকি মাৰিছিল বলীউডৰ অভিনেত্রী দীপিকা পাডুকনে৷ কিন্তু এইবাৰ কাঁ চলচ্চিত্র মহোৎসৱ অভিনেত্রীগৰাকীৰ বাবে বিশেষ মর্যাদাপূর্ণ৷ অতিথি হিচাপে নহয়, এইবাৰ বিচাৰকৰ আসনত থাকিব দীপিকা পাডুকন৷ অর্থাৎ কাঁ চলচ্চিত্র মহোৎসৱৰ সন্মানীয় জুৰিৰ আসনত থাকিব দীপিকা পাডুকন৷ ৭৫ সংখ্যক কাঁ চলচ্চিত্র মহোৎসৱত মুঠ ৯গৰাকী জুৰী বা বিচাৰক থাকিব, যাৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছে দীপিকা পাডুকনক৷ আজিৰে পৰা ফ্রান্সৰ এই কাঁ চলচ্চিত্র মহোৎসৱ আৰম্ভ হৈছে৷ গুৰু দায়িত্ব পালনৰ বাবে কালিয়েই ফ্রান্সৰ ৰিভেৰা চহৰত উপস্থিত হয় অভিনেত্রী দীপিকা পাডুকন৷

ইতিমধ্যে দীপিকাৰ উপৰি চলচ্চিত্র মহোৎসৱত জুৰী হিচাপে থাকিবলগীয়া ৰেবেকা হল, ভিনচেণ্ট লিণ্ডন, জেছমিন ট্রিনকা, আছগড় ফাৰহাদি, লাদি লি, জেফ নিকলাচ আৰু জোৱাকিম ট্রিয়াৰসহ অন্যান্য জুৰী সদস্যসকলো উপস্থিত হৈছে৷ আজি এই জুৰীৰ ৯ সদস্য তথা কাঁ চলচ্চিত্র মহোৎসৱৰ উদ্যোক্তাসকল এক নৈশভোজত মিলিত হ’ব৷ হোটেল মার্টিনেজত ৭৫ সংখ্যক চলচ্চিত্র মহোৎসৱৰ নৈশভোজত অংশগ্রহণৰ পূর্বে নিজৰ সাজ–পোছাকৰ জৰিয়তে অনুৰাগীৰ নজৰ কাঢ়িছে দীপিকা পাডুকনে৷ দীপিকাই পৰিধান কৰে লুই ভিটোৰ পোছাক৷

সম্প্রতি বিলাসবহুল এই ফেছন সংস্থাৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নাম ঘোষণা কৰা হৈছে দীপিকাৰ৷ সংস্থাটোৰ এই বিশেষভাৱে ডিজাইন কৰা পোছাক পৰিধান কৰি ইতিমধ্যেই ইউৰোপীয় সংবাদ মাধ্যমৰো নজৰ কাঢ়িছে অভিনেত্রী দীপিকা পাডুকনে৷ এতিয়া জুৰী হিচাপে অভিনেত্রীগৰাকীয়ে কেনে দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয় আগন্তুক কেইটামান দিনত সেই কথা বুজিব পৰা যাব৷ কিন্তু কাঁৰ দৰে বিখ্যাত চলচ্চিত্র মহোৎসৱত দীপিকা পাডুকনে জুৰী হিচাপে অংশগ্রহণ কৰিবলৈ পোৱাটো অভিনেত্রীগৰাকীৰ বাবে গর্বৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷