গণৰাজ্য দিৱসৰ কার্যসূচীঃ বাদ পৰিল মহাত্মা গান্ধীৰ প্রিয় খ্রীষ্টিয়ান মন্ত্র ‘এবাইড উইথ মী’

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ১৯৫০ চনৰ পৰা চলি অহা পৰম্পৰাৰ অন্ত পৰিব৷ গণৰাজ্য দিৱসৰ সামৰণী কার্যসূচী বিটিং ৰিট্রিট চেৰেমনিৰ পৰা বাদ দিয়া হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রিয় ‘এবাইড উইথ মী’৷ ২৯ জানুৱাৰীত বিটিং ৰিট্রিট চেৰেমনিৰ পৰা বাপুজীৰ প্রিয় খ্রীষ্টিয়ান মন্ত্র ‘এবাইড উইথ মী’ বাদ দি ১৯৫০ চনৰ পৰা চলি অহা পৰম্পৰা ভংগ কৰিলে কেন্দ্রীয় চৰকাৰে৷ ১৮৪৭ চনত স্কটিছ এংলিকান কবি হেনৰি ফ্রান্সিছ লিটে ৰচনা কৰা ‘এবাইড উইথ মী’ বাপুজীৰ প্রিয় আৰু এই খ্রীষ্টিয়ান মন্ত্রটি বিটিং ৰিট্রিট চেৰেমনিৰ সামৰণিত পৰিৱেশন কৰা হয়৷ এইবেলি ‘এবাইড উইথ মী’ৰ স্থানত দেশৰ অতি জনপ্রিয় দেশপ্রেমমূলক চাৰে জাহা সে আচ্ছাৰে বিটিং ৰিট্রিট সমাপ্ত কৰিব৷

ইয়াৰ উপৰি চলিত বর্ষত এই কার্যসূচীত ২৬ সুৰ সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ ভিতৰত হে কাঞ্চা, চান্না বিলৌৰি, জয় জনমভূমি, নৃত্যশৰিতা, বিজয় জোছ, কেছাৰীয়া বান্না, বিৰ ছিয়াছেল, হাথৰৌ, বিজয় ঘোষ, লড়াকু, স্বদেশী, অমৰ ছত্তন, গোল্ডেন এৰোজ আৰু স্বর্ণ জয়ন্তী আছে৷ ২৯ জানুৱাৰীৰ সন্ধিয়া পৰিৱেশন কৰিবলগীয়া আন সুৰ হৈছে বীৰ সৈনিক, ফেনফেয়াৰ বাগলার্ছ, আই এন এছ ইণ্ডিয়া, যশস্বী, জয় ভাৰতী, কেৰালা, চিকি এ মলে, হিন কে সেনা, কদম কদম বঢ়ায়ে যা, ড্রামার্ছ কল, এ মেৰে ৱাটন কে লগ’৷ উল্লেখ্য যে বিটিং ৰিট্রিট হৈছে শতিকা পুৰণি সামৰিক পৰম্পৰা৷