দুদিনীয়া ভ্রমণসূচীৰে জার্মানীলৈ প্রধানমন্ত্রী মোদী

নিয়মীয়া বার্তা, ২৬ জুনঃ জি–৭ সন্মিলনত অংশগ্রহণৰ উদ্দেশ্যে আজি নিশাই জার্মানীলৈ দুদিনীয়া ভ্রমণসূচীৰ বাবে ৰাওনা হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ জার্মান চেঞ্চেলৰ অলাফ স্কলজৰ আমন্ত্রণ ক্রমে ২৬ আৰু ২৭ জুনত জার্মানীৰ দক্ষিণ প্রান্তত অনুষ্ঠিত হ’বলগীয়া জি–৭ সন্মিলনত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব৷ বিশ্বৰ ৭খন ধনী ৰাষ্ট্রৰ গোট জি–৭ সন্মিলনত অংশগ্রহণ কৰা প্রধানমন্ত্রী মোদীয়ে সন্মিলনৰ পাছত দেশকেইখনৰ মুৰব্বীৰ সৈতে পৃথকে বৈঠকত মিলিত হ’ব৷ দেশখনৰ বাভাৰিয়ান মাউণ্টেন ভেলীৰ এখন বিলাসী হোটেল স্কলছ এলমাউ পৰিদর্শন কৰিব প্রধানমন্ত্রী মোদীয়ে৷ জার্মানী ভ্রমণৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে এক বিবৃতিত কয় যে আন্তর্জাতিক গুৰুত্বপূর্ণ বিষয় সন্দর্ভত আন্তর্জাতিক সমন্বয় শক্তিশালী কৰাৰ পদক্ষেপ লৈ সন্মিলনত তেওঁ অংশগ্রহণ কৰিব৷ জার্মানীয়ে ভাৰতৰ উপৰি আন গণতান্ত্রিক দেশ আর্জেণ্টিনা, ইণ্ডোনেছিয়া, ছেনেগাল আৰু দক্ষিণ আফ্রিকাক আমন্ত্রণ জনাইছে৷ এই সন্মিলনত জি–৭ দেশৰ লগতে আনকেইখন দেশৰ সৈতে পৰিৱেশ, বিদ্যুৎ, জলবায়ু, খাদ্য সুৰক্ষা, স্বাস্থ্য, সন্ত্রাসবিৰোধী, লিংগ সমতা আৰু গণতন্ত্রক লৈ আলোচনা কৰিব৷