নন্দীগ্রাম সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব মমতাই

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীয়ে আজি ঘোষণা কৰিছে যে তেওঁ আগন্তুক বিধানসভা নির্বাচনত নন্দীগ্রামৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব৷ নন্দীগ্রাম হৈছে মমতা বেনার্জীৰ প্রাক্তন ঘনিষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ সবল সাংগঠনিক ভেটি৷ আজি নন্দীগ্রামত এক গণ সমাৱেশত ভাষণ দি নেত্রীগৰাকীয়ে উল্লেখ কৰে যে আগন্তুক বিধানসভা নির্বাচনত তেওঁ এই সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী৷

স্মর্তব্য যে শুভেন্দু অধিকাৰীয়ে মাত্র কেইদিনমান পূর্বে তৃণমূল কংগ্রেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷ অধিকাৰীৰ দৰে লোক তৃণমূল কংগ্রেছৰ পৰা আঁতৰি যোৱাটো দলটোৰ বাবে শুভ লক্ষণ বুলিও অভিহিত কৰিছে মমতাই৷