নিয়মীয়া বাৰ্তা, ৩জুনঃ পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানে শেহতীয়াকৈ মন্তব্য কৰিছে যে দেশখনৰ চৰকাৰে সঠিক সিদ্ধান্ত গ্রহণ নকৰিলে পাকিস্তান তিনিটা খণ্ডত ভাগ হৈ পৰিব৷ সংবাদ সংস্থা এ এন আইৰ প্রতিবেদন অনুসৰি অকল সেয়াই নহয়, ইমৰান খানে বর্তমান চৰকাৰৰ অদূৰদর্শিতাৰ বাবে পাকিস্তান ভাগ ভাগ হোৱাৰ উপৰি দেশখনৰ পাৰমাণৱিক সক্ষমতাও নোহোৱা হৈ পৰিব বুলি কয়৷ অর্থাৎ পৰমাণু অস্ত্রৰে শক্তিশালী দেশখনে নিজৰ এই অস্ত্রও হেৰুৱাব লাগিব বুলি উল্লেখ কৰিছে ইমৰান খানে৷ ব্যক্তিগত এটা টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত ইমৰান খানে এই মন্তব্য কৰিছে৷ পাকিস্তানৰ শাসন ব্যৱস্থা মূলতঃ জগৰীয়া বুলি উল্লেখ কৰি ইমৰান খানে উল্লেখ কৰিছে যে এতিয়া শুধৰণি নহ’লে দেশখনৰ ভৱিষ্যৎ অন্ধকাৰ৷ লক্ষণীয়ভাৱে দেশৰ সামৰিক বাহিনী জগৰীয়া বুলি ঘোষণা কৰিছে ইমৰান খানে৷ প্রধানমন্ত্রী হৈ থকা সময়তো সামৰিক বাহিনীৰ বাবে নিজাববীয়াকৈ কোনো সিদ্ধান্ত ল’বলৈ সক্ষম নহ’ল বুলিও অকপটে স্বীকাৰ কৰিছে খানে৷