নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ দেশত ক’ভিড–১৯ আৰু ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রন অব্যাহত থকাৰ সময়তে ১৮ বছৰৰ অনূর্ধ্ব শিশু–কিশোৰসকলৰ বাবে কার্যকৰী হোৱাকৈ সংশোধিত বিশদ গাইড লাইন জাৰি কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ আজি জাৰি কৰা এই গাইড লাইনত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ সংযোজন ঘটোৱা হৈছে৷ সেই অনুসৰি ৫ বছৰ বা তাৰ তলৰ বয়সৰ শিশুৰ ক্ষেত্রত মাস্ক পৰিধানৰ প্রয়োজন নাই৷ ৬ বছৰৰ পৰা ১১ বছৰৰ বয়সৰ শিশুসকলৰ প্রয়োজনত মাস্ক পিন্ধালেও তেওঁলোকৰ যাতে ইয়াৰ ফলত কোনো ধৰণৰ শাৰীৰিক সমস্যা নহয়, তাৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ ইয়াৰ বিপৰীতে ১২ বছৰ বা তাৰ ঊর্ধ্বৰসকলে প্রাপ্তবয়স্কৰ ক্ষেত্রত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷ নতুন গাইড লাইনত এণ্টি ভাইৰেল বা মনোক্ল’নেল নিদিবলৈও স্বাস্থ্য মন্ত্রালয়ে গাইড লাইনত স্পষ্টভাৱে উল্লেখ কৰিছে৷ তদুপৰি শিশু–কিশোৰসকলৰ উপসর্গৰ প্রকৃতি অনুসৰি চাৰিটা ভাগত বিভক্ত কৰা হৈছে৷ এই ভাগকেইটা হ’ল– উপসর্গহীন–মৃদু–ম৷ উপসর্গহীন আৰু মৃদু উপসর্গসকলৰ ক্ষেত্রত ঘৰতে অথবা ক’ভিড কেয়াৰ চেণ্টাৰত শিশুসকলক ৰখাৰ কথাও কোৱা হৈছে৷ অৱশ্যে শৰীৰৰ তাপমাত্রা আৰু তেজৰ অক্সিজেনৰ পৰিমাণৰ নিয়মিতভাৱে পৰীক্ষা কৰিব লাগিব৷ মধ্যমীয়া আৰু প্রবল উপসর্গৰ ক্ষেত্রত ক’ভিড চিকিৎসালয়ত ভর্তি কৰাটো নিশ্চিত কৰিবলৈ এই গাইড লাইনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ ইয়াৰ বিপৰীতে উপসর্গবিহীন শিশুসকলক ঘৰতে পিতৃ–মাতৃৰ সৈতে থকাৰ অনুমতি দিয়া হৈছে৷