নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰৰ তলৰ শিশুৰ বাবে প্রয়োজন নাই মাস্ক

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ সংশোধিত গাইড লাইন

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ  দেশত ক’ভিড–১৯ আৰু ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রন অব্যাহত থকাৰ সময়তে ১৮ বছৰৰ অনূর্ধ্ব শিশু–কিশোৰসকলৰ বাবে কার্যকৰী হোৱাকৈ সংশোধিত বিশদ গাইড লাইন জাৰি কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ আজি জাৰি কৰা এই গাইড লাইনত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ সংযোজন ঘটোৱা হৈছে৷ সেই অনুসৰি ৫ বছৰ বা তাৰ তলৰ বয়সৰ শিশুৰ ক্ষেত্রত মাস্ক পৰিধানৰ প্রয়োজন নাই৷ ৬ বছৰৰ পৰা ১১ বছৰৰ বয়সৰ শিশুসকলৰ প্রয়োজনত মাস্ক পিন্ধালেও তেওঁলোকৰ যাতে ইয়াৰ ফলত কোনো ধৰণৰ শাৰীৰিক সমস্যা নহয়, তাৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ ইয়াৰ বিপৰীতে ১২ বছৰ বা তাৰ ঊর্ধ্বৰসকলে প্রাপ্তবয়স্কৰ ক্ষেত্রত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷ নতুন গাইড লাইনত এণ্টি ভাইৰেল বা মনোক্ল’নেল নিদিবলৈও স্বাস্থ্য মন্ত্রালয়ে গাইড লাইনত স্পষ্টভাৱে উল্লেখ কৰিছে৷ তদুপৰি শিশু–কিশোৰসকলৰ উপসর্গৰ প্রকৃতি অনুসৰি চাৰিটা ভাগত বিভক্ত কৰা হৈছে৷ এই ভাগকেইটা হ’ল– উপসর্গহীন–মৃদু–ম৷ উপসর্গহীন আৰু মৃদু উপসর্গসকলৰ ক্ষেত্রত ঘৰতে অথবা ক’ভিড কেয়াৰ চেণ্টাৰত শিশুসকলক ৰখাৰ কথাও কোৱা হৈছে৷ অৱশ্যে শৰীৰৰ তাপমাত্রা আৰু তেজৰ অক্সিজেনৰ পৰিমাণৰ নিয়মিতভাৱে পৰীক্ষা কৰিব লাগিব৷ মধ্যমীয়া আৰু প্রবল উপসর্গৰ ক্ষেত্রত ক’ভিড চিকিৎসালয়ত ভর্তি কৰাটো নিশ্চিত কৰিবলৈ এই গাইড লাইনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ ইয়াৰ বিপৰীতে উপসর্গবিহীন শিশুসকলক ঘৰতে পিতৃ–মাতৃৰ সৈতে থকাৰ অনুমতি দিয়া হৈছে৷

You might also like