৩০ বছৰীয়া পুত্র আকাশক দিলে জিঅ’ৰ অধ্যক্ষ দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৯ জুন: ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ পদ ত্যাগ কৰিছে মুকেশ আম্বানিয়ে৷ এই পদত এতিয়া মুকেশ আম্বানিয়ে পুত্র আকাশ আম্বানিক বহুৱাইছে৷ দেশৰ অন্যতম ধনী উদ্যোগপতিগৰাকীয়ে পুত্র আকাশ আম্বানিক এই দায়িত্ব দিয়াৰ লগে লগে জিঅ’ ব’ডত নতুন সংযোজন ঘটিল৷ ৩০ বছৰীয়া আকাশ আম্বানি দীর্ঘদিন ধৰি ৰিলায়েন্স জিঅ’ৰ নন–এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে সংস্থাটোত জড়িত হৈ আছিল৷ আজি সংস্থাৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে এতিয়াৰে পৰা ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ অশোক আম্বানি৷ ইতিমধ্যে সংস্থাৰ অধ্যক্ষৰ পদ ত্যাগ কৰিছে মুকেশ আম্বানিয়ে৷