এইবাৰ অমিত শ্বাহক প্ৰত্যাহ্বান এ আৰ ৰহমানৰ…

বিশেষ বাৰ্তা, ১১ এপ্ৰিলঃ ৰাজনীতিৰ বিতৰ্কিত বিষয়ত এইবাৰ সোমাইছে প্ৰসিদ্ধ সংগীত শিল্পী এ আৰ ৰহমান। টুইটাৰত তেওঁ পোষ্ট কৰা ফটো এখনে এই কথাৰে ইংগিত দিছে। উল্লেখনীয় যে যোৱা ৭ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে ইংৰাজী ভাষাৰ বিকল্প হিচাপে হিন্দী ভাষা দেশব্যাপী প্ৰয়োগ হ’ব লাগে বুলি কোৱাৰ পাছত ঠায়ে ঠায়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীজনে গোটেই দেশৰ অখণ্ডতা নোহোৱা কৰিব বিচাৰিছে বুলি একাংশই প্ৰকাশ কৰিছে। তাৰ পাছতে টুইটাৰত তামিল ভাষাত এখন ফটো পোষ্ট কৰিছে অস্কাৰ বিজয়ী গায়কগৰাকীয়ে। তামিল ভাষা কি আৰু তামিলসকলৰ বাবে ইয়াৰ গুৰুত্ব কেনে তাকেই প্ৰকাশ কৰিছে এই ছবিখনৰ জৰিয়তে। এয়াই ছ’চিয়েল মিডিয়াত এতিয়া ভাষাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। ফটো এখনৰ সৈতে জনপ্ৰিয় তামিল কবিতা এটাৰ পংক্তিও তাত তুলি দিছে। উল্লেখনীয় যে, তামিলনাডুৰ প্ৰধান বিৰোধী দল এআইএডিএমকেই অমিত শ্বাহৰ কথাৰ বিৰোধিতা কৰি কৈছে যে মানুহে নিজাকৈ হিন্দী শিকিব পাৰে, কিন্তু হিন্দীক বাধ্যতামূলকভাৱে জাপি দিয়াটো মুঠেও গ্ৰহণযোগ্য নহয়। এ আৰ ৰহমানৰ প্ৰতীকী বিৰোধ পোষ্টটোৱে এই বিতৰ্কত আৰু ইন্ধন যোগাইছে।