বিশ্বৰ মুছলিমলৈ ৰমজানৰ শুভেচ্ছা বাইডেনৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্রিলঃ আমেৰিকা তথা বিশ্বৰ মুছলমান লোকসকলক ৰামজান মাহৰ আৰম্ভণি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে৷ উল্লেখনীয় যে আজিৰে পৰা মুছলমান সম্প্রদায়ৰ পৱিত্র মাহ ৰমজানৰ আৰম্ভণি হৈছে৷

ইছলামধর্মী লোকসকলে এই পৱিত্র মাহটোত ৰমজানৰ ব্রত পালন কৰিব৷ আমেৰিকাত মুছলমান সম্প্রদায়ে বিভিন্ন ক্ষেত্রত প্রভূত বৰঙণি আগবঢ়াই অহা বিষয়টোও আজি উল্লেখ কৰিছে বাইডেনে৷

এই পৱিত্র মাহটোত মুছলমান সম্প্রদায়ৰ লোকসকলে দিনত উপবাসে থাকি বিভিন্ন ধৰণৰ ধর্মীয় কাম–কাজত নিয়োজিত হ’ব৷ উল্লেখনীয় যে নামাজ আৰু কোৰানৰ চুৰা পাঠ কৰাটোৱে হৈছে ৰমজান মাহৰ মূল ধর্মীয় আধ্যাত্মিক বিষয়৷

লক্ষণীয়ভাৱে বাইডেনে অতি কঠিন সময়ত আমেৰিকাৰ মুছলমান সমাজে ৰমজানৰ ব্রত পালন কৰিবলৈ ওলোৱা বুলি ঘোষণা কৰিছে৷