বিহাৰত দুই ছাত্রৰ বেংক একাউণ্টত সোমাল ৯৬০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  বিহাৰৰ দুজন স্কুলীয়া ছাত্রৰ বেংক একাউণ্টত ৯৬০ কোটি টকা জমা হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ছাত্র দুজনৰ গাঁৱত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ মাজতে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে বেংক কর্তৃপক্ষই৷ ৰাজ্যখনৰ কাটিহাৰ জিলাৰ বাগাউৰা পঞ্চায়তৰ পাছটিয়া গাঁৱৰ ঘটনা৷ এই গাঁওখনৰ দুই ছাত্র গুৰুচন্দ্র বিশ্বাস আৰু অচিত কুমাৰে বিদ্যালয়ৰ পোছাকৰ ধন জমা হৈছে নে নাই, সেই কথা জানিবলৈ বেংকলৈ গৈছিল৷

অচিতৰ একাউণ্টত ৯০০ কোটি আৰু গুৰচন্দ্রৰ একাউণ্টত ৬০ কোটি টকা জমা হোৱা বুলি বেংক বিষয়াই জানিবলৈ দিয়ে৷ লগে লগে এই ঘটনাক লৈ উত্তৰ বিহাৰৰ গ্রামীণ বেংকতো হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ বেংকৰ প্রবন্ধকে তাৎক্ষণিকভাৱে দুয়োৰে একাউণ্টৰ ধনৰ লেনদেন বন্ধ কৰি দিয়ে৷ কিন্তু এই ঘটনা এতিয়া সৃষ্টি কৰিছে সমগ্র ৰাজ্যখনতে চাঞ্চল্য৷ বিভিন্নজনে এয়া বেংকৰ ভুলৰ বাবে হৈছে বুলি ধাৰণা কৰিছে যদিও একাংশই বেংক প্রৱঞ্চনাৰ এয়াও এক পদ্ধতি হ’ব পাৰে বুলি মন্তব্য কৰিছে৷

স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে ৰাজ্যখনৰ খাগাৰিয়া জিলাৰ ৰঞ্জিত দাস নামৰ শিক্ষক এজনৰ একাউণ্টত ৫ লাখ টকা জমা হৈছিল৷ ইয়াৰে ১,৬০,৯৭০ টকা ৰঞ্জিতে বেংকৰ পৰা উলিয়াই খৰচ কৰে৷ মোদী চৰকাৰে একাউণ্টত জমা দিয়া ধন বুলি ভাবিছিল ৰঞ্জিত দাসে৷ বর্তমান গ্রেপ্তাৰ হৈ কাৰাবাস খাটি আছে শিক্ষক ৰঞ্জিত দাসে৷