ক’ভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত মৃত্যুক সাৱটিলে বিজেপি বিধায়িকাই

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ  বিজেপি নেত্ৰী আৰু ৰাজস্থানৰ ৰাজসমন্দৰৰ বিধায়িকা, কিৰণ মহেশ্বৰীৰ আজি হাৰিয়ানাৰ গুৰুগ্রামস্থিত মেদান্তা হাস্পতালত মৃত্যু ঘটে। তেওঁ ক’ভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

লগতে পঢ়কঃ ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিজেপি নেত্ৰী কিৰণ মহেশ্বৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্রধানমন্ত্রী মোদীয়ে টুইট কৰি লিখিছে, “তেওঁ ৰাজ্যৰ প্ৰগতিৰ হকে বহু উল্লেখনীয় কাম কৰিছিল।”